কলিয়াবৰত বৰলুইতৰ খহনীয়াৰ কাল ৰূপ

dainik janambhumi May 28, 2026

ডিজিটেল ডেস্ক : কলিয়াবৰ সমজিলাৰ অন্তর্গত প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অব্যাহত আছে। কালি প্রায় সপ্তাহধৰি খহনীয়া অব্যাহত থকাত প্রায় ৩০ মিটাৰ এলেকা নদীত জাহ যায়। আনহাতে, কেইমাহমান পূর্বে হাতীমূৰাত গঢ়ি উঠা বিলাসী ৰিজৰ্টখনলৈও চৰম ভাবুকি কঢ়িয়াই আনিছে। ইয়াকে লৈ স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে। উজনিৰ লগতে অৰুণাচলৰ পাহাৰত বৰষুণ হোৱাৰ বাবে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ব্যাপক খহনীয়াৰ সৃষ্টি হৈছে। 

উল্লেখযোগ্য যে ২১ মে'ত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিস শৰ্মাই খহনীয়া অঞ্চল পৰিদৰ্শন কৰি বিভাগীয় কর্তৃপক্ষক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়াৰ পাছৰ পৰা বিভাগীয় কর্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে খহনীয়া প্ৰতিৰোধৰ কাম অব্যাহত ৰাখিছে যদিও কালিলৈকে খহনীয়া ৰোধ কৰাত সম্পূৰ্ণভাৱে সফল হ'ব পৰা নাই। মঙলবাৰে পুৱাৰ ভাগত হঠাতে বিলাসী ৰিজৰ্টৰ বাহন ৰখোৱা ঠাইৰ পকী বেৰ খহনীয়াৰ কবলত পৰে। খহনীয়া অব্যাহত থকাত হাতীমূৰাৰ অন্যতম আকর্ষণ বনভোজস্থলীৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা বনভোজ আৰু ভ্ৰমণৰ আনন্দ লোৱা এই স্থান ব্রহ্মপুত্রত বিলীন হোৱাৰ আশংকাই দেখা দিছে। বনভোজ দলৰ বাবেই গঢ়ি উঠা সৰু-বৰ ব্যাৱসায়িক প্ৰতিষ্ঠানসমূহৰ গৰাকীসকল চিন্তিত হৈ পৰিছে। নদীৰ তীব্র সোঁত আৰু বাঢ়নী পানীয়ে খহাই নিছে নদীৰ পাৰ। ইয়াৰ মাজতে খহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় মহিলাসকলে থার্মকল পেলাই নদীৰ সোঁত আৰু নদীৰ পাৰ সংৰক্ষণৰ প্ৰয়াস কৰা দৃশ্যই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে। 

ইপিনে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাগৰাকীৰ মতে, হাতীমূৰাত হোৱা খহনীয়া স্বাভাৱিক নহয়। আকস্মিকভাৱে হোৱা পানীৰ ঘূর্ণীৰ বাবেই এই খহনীয়াৰ সৃষ্টি হৈছে। জলসম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্রহণ কৰিছে। প্ৰকাণ্ড বল্ডাৰ, গছৰ ডাল, পাকুপাইন আদি পেলাই সাময়িকভাবে খহনীয়াৰ প্রকোপ আজি কিছু হ্রাস কৰিব পাৰিছে যদিও সেয়া কিমান সময়ৰ বাবে সেয়া নিশ্চিত নহয়। খহনীয়াৰ গতি অব্যাহত থাকিলে অদূৰ ভৱিষ্যতে অঞ্চলটোৰ বহু অংশ ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ সম্ভাৱনা আছে। স্থানীয় লোকে চৰকাৰ তথা জলসম্পদ বিভাগক খহনীয়া ৰোধৰ বাবে শক্তিশালী পদক্ষেপ গ্রহণ কৰি ঐতিহাসিক ঠাইডোখৰ ৰক্ষা কৰিবলৈ আহ্বান জনাইছে।

Share This