কলিয়াবৰৰ চুলুং টোলগেʼটৰ কৰ্মচাৰীৰ মইমতালি

dainik janambhumi May 27, 2026

ডিজিটেল ডেস্ক : নগাঁৱৰ কলিয়াবৰৰ চুলুঙত থকা টোলগে'টৰ কৰ্মচাৰীৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ উত্থাপন হৈছে। বিশ্বনাথ চাৰিআলি মোনাবাৰী বিশিষ্ট সমাজ সেৱক তথা ব্যৱসায়ী ড° কিশোৰ হাজৰিকাক চুলুং টোল গে'টৰ একাংশ কৰ্মচাৰীয়ে অপমান কৰাৰ অভিযোগ উঠিছে। শেহতীয়াকৈ একাধিক লোকে এইখন টোলগে'টৰ কৰ্মচাৰীৰ অভব্য আচৰণ তথা বলপূর্বক কৰ সংগ্ৰহৰ অভিযোগ কৰি অহাৰ সময়তে হোটেল গ্রীন আছিয়ানাৰ পৰা তেজপুৰ অভিমুখে অহাৰ সময়ত হোটেলৰ সন্মুখতে থকা চুলুং টোলগে'টত পাৰ হ'বলৈ ধৰোতেই চুলুং টোলগে'টৰ এজন কৰ্মচাৰীয়ে ড° হাজৰিকাক ৰখাই টোলকৰ আদায় দিবলৈ কয়। 

হাজৰিকাই কৰ্মচাৰীগৰাকীক কয় যে তেওঁৰ বাহনৰ বৈধ মাহেকীয়া এন্ট্রি পাছ থকাৰ বিষয়ে কৈ মাহত ৫০ বাৰ অহা-যোৱা কৰিব পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বৈধ মাহেকীয়া পাছখন প্ৰদৰ্শন কৰা সত্ত্বেও ইয়ালৈ গুৰুত্ব নিদি টোলকৰ দিহে যাব পাৰিব বুলি দুর্ব্যৱহাৰ কৰা টোলগে'টৰ কৰ্মচাৰীজনে হাজৰিকাক হাৰাশাস্তি কৰে। 

ইফালে টোলগে'টৰ কৰ্মচাৰীগৰাকীয়ে হাজৰিকাক দুর্ব্যৱহাৰ কৰাৰ লগতে ৰাজহুৱাভাৱে অপমান কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগেই নিকটৱৰ্তী অঞ্চলৰ একাংশ লোক ঘটনাস্থলীত উপস্থিত হৈ টোলগে 'টৰ কৰ্মচাৰীজনক জবাবদিহি কৰি তেওঁৰ বিৰুদ্ধে হাজৰিকাক আইনগত ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাইজে পৰামৰ্শ দিয়ে। আনহাতে, টোলগে'টৰ কৰ্মচাৰীগৰাকীৰ এনে দুর্ব্যৱহাৰত অতিষ্ঠ হৈ ড° হাজৰিকাই নিকটৱৰ্তী চুলুং আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

Share This