ডিজিটেল ডেস্কঃ বুধবাৰে নেপালৰ পৰিস্থিতি আপেক্ষিকভাৱে শান্ত হৈ থকাৰ পাছত বিয়লি কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি কৰা হয়। ইফালে নেপালত আবদ্ধ হৈ থকা ভাৰতীয় যাত্ৰীক উদ্ধাৰৰ বাবে ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে ব্যৱস্থা গ্রহণ কৰে। মন্ত্ৰ্যালয়ে বুধবাৰৰ পৰা অহা কিছুদিনলৈ এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৰ সহযোগত অতিৰিক্ত ফ্লাইটৰ ব্যৱস্থা কৰে। নেপালত নাই যদিও হিংসা-পীড়িত নেপালত
আবদ্ধশশ ভাৰতীয়: সঠিক সংখ্যা শশ ভাৰতীয় যাত্রী আবদ্ধ হৈ আছে বুলি অনুমান কৰা হৈছে। এই যাত্ৰীসকলৰ বাবে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ উপৰি বিভিন্ন ৰাজ্যই হেল্পলাইন নম্বৰ প্ৰকাশ কৰিছে তথা তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা আৰম্ভকৰিছে। ৰাজস্থানৰ জয় পুৰৰ ২০০জন যাত্ৰীৰ বাবে ৰাজ্যখনৰ আৰক্ষীয়ে বিশেষ কোষ গঠন কৰিছে। কৰ্ণাটক চৰকাৰে পুৱা ঘোষণা কৰা মতে ৰাজ্যখনৰ ৩৯জন কানাড়া লোক নেপাল বিমান বন্দৰত আবদ্ধ হৈ আছে। ইফালে মঙলবাৰে কাঠমাণ্ডুৰ ত্রিভুবন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা অহা-যোৱা বন্ধ হোৱাৰ পাছত মাজনিশা প্রকাশ পোৱা এটা বাতৰি মতে উক্ত বিমান বন্দৰত নিশা প্রায় ৭০০ ভাৰতীয় যাত্রী আবদ্ধ হৈ আছিল। আন এজন ব্যক্তিয়ে নেপালৰ পৰা জনোৱা মতে তেওঁৰ সৈতে বেংগালুৰুৰ ৫০জনীয়া এটা দল দেশখনত আবদ্ধ হৈ আছে। বুধবাৰে কাঠমাণ্ডুৰ পৰা বিমান সেৱা আৰম্ভ হৈছে যদিও দূৰৱৰ্তী বাছ সেৱাবোৰ আৰম্ভ হোৱাৰ কথা জানিব পৰা হোৱা নাই।