কাজিৰঙাৰ ডোমজানত জাক জাক টোকোৰা চৰাইৰ বাহে আকৰ্ষণ কৰিছে ৰাইজক

Rashmi May 28, 2026

ডিজিটেল ডেস্ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী ডোমজান এতিয়া মুখৰিত হৈ পৰিছে জাক জাক টোকোৰা চৰাইৰ কল-কাকলিত। কণী পাৰাৰ সময় সমাগত হোৱাৰ বাবে বৰ্তমান অতি আটোমটোকাৰীকৈ বাহ সজাত ব্যস্ত হৈ পৰিছে এই চৰাইবোৰ। 

মৰিডিফলু নদীৰ পাৰৰ কেইজোপামান তামোল গছত এতিয়া যেন টোকোৰা চৰাইৰ মাজত ধুনীয়া বাহ সজাৰ এক অঘোষিত প্ৰতিযোগিতাহে চলিছে।

সাধাৰণতে 'প্ৰকৃতিৰ অভিযন্তা' হিচাপে পৰিচিত টোকোৰা চৰাইৰ বাহ সজাৰ কৌশল অতি আকৰ্ষণীয় আৰু অনন্য। আন চৰাইৰ তুলনাত ইহঁতৰ বাহ সজাৰ পদ্ধতি একেবাৰে সুকীয়া। আচৰিত ধৰণে একেজোপা গছতে মতা আৰু মাইকী টোকোৰা চৰাইৰ বাবে সুকীয়া সুকীয়া বাহ নিৰ্মাণ কৰা হয়।

মাইকী টোকোৰা চৰাইৰ বাহটোত কণী পৰা আৰু পোৱালি জগোৱাৰ বাবে অতি সুন্দৰ তথা সুৰক্ষিত ব্যৱস্থা থাকে। তামোল আৰু নাৰিকল গছত থুপ খাই ওলমি থকা এই দৃষ্টিনন্দন বাহবোৰে বৰ্তমান স্থানীয় শিক্ষাৰ্থীৰ লগতে বহু প্ৰকৃতিপ্ৰেমী পৰ্যটককে আকৰ্ষণ কৰিছে। বহুজনে এই মনোমোহা দৃশ্য উপভোগ কৰি আনন্দ লাভ কৰিছে।

উল্লেখ্য যে এসময়ত গাঁৱে-ভূঞে প্ৰচুৰ পৰিমাণে দেখিবলৈ পোৱা এই টোকোৰা চৰাইৰ সংখ্যা বৰ্তমান সময়ত আশংকাজনকভাৱে হ্ৰাস পাইছে।

প্ৰকৃতিপ্ৰেমীসকলৰ মতে, উপযুক্ত প্ৰাকৃতিক পৰিৱেশৰ অভাৱ আৰু পূৰ্বৰ তুলনাত তামোল-নাৰিকলৰ দৰে ওখ গছৰ সংখ্যা কমি যোৱাটোৱেই ইয়াৰ মূল কাৰণ। প্ৰকৃতিৰ এই সুন্দৰ সৃষ্টিবিধক বিলুপ্তিৰ পৰা ৰক্ষা কৰিবলৈ বৰ্তমান সময়ত টোকোৰা চৰাইৰ সংৰক্ষণ আৰু এই সন্দৰ্ভত ব্যাপক জনসজাগতা সৃষ্টি কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে।





উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This