ডিব্ৰুগড়ত মৰ্নিং ৱাকত যোৱা যুৱতীক অপহৰণ; তিনিচুকীয়াত বস্তাৰ ভিতৰত উদ্ধাৰ অপহৃত যুৱতীক

Nikimoni Kachari June 08, 2026

ডিজিটেল ডেস্ক: ডিব্ৰুগড়ত আজি সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নগৰৰ শান্তিপাৰা অঞ্চলৰ পি.এন. ৰোডৰ পৰা মৰ্নিং ৱাকত ওলাই যোৱা এগৰাকী ১৮ বছৰীয়া যুৱতীক দুৰ্বৃত্তই অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, পুৱা পথত খোজ কাঢ়ি থকা অৱস্থাত যুৱতীগৰাকীক অচিনাক্ত দুৰ্বৃত্তই বলপূৰ্বকভাৱে উঠাই লৈ যায়। ঘটনাৰ পিছতে পৰিয়ালৰ লগতে স্থানীয় লোকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।

ইয়াৰ মাজতে, তিনিচুকীয়া ৰে'লৱে ষ্টেছনৰ এটা প্লেটফৰ্মত সন্দেহজনকভাৱে পৰি থকা এটা বস্তা দেখি এগৰাকী যাত্ৰীৰ সন্দেহ হয়। বস্তাটো পৰীক্ষা কৰি তেওঁ ভিতৰত এগৰাকী যুৱতীক আবদ্ধ অৱস্থাত প্ৰত্যক্ষ কৰে আৰু লগে লগে ৰে'লৱে আৰক্ষী তথা স্থানীয় আৰক্ষীক খবৰ দিয়ে।

খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰে। উদ্ধাৰৰ পিছত তেওঁক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

বৰ্তমান ডিব্ৰুগড় আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু অপহৰণৰ সৈতে জড়িত দুৰ্বৃত্তক চিনাক্ত কৰি গ্ৰেপ্তাৰৰ বাবে অভিযান চলাই আছে। এই ঘটনাই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাটোৰ অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে।

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This