কিম বড়ো মিষ্টাৰ চৰাইদেউ

dainik janambhumi January 20, 2026

ডিজিটেল ডেস্ক : ইউনিভার্চেল ফ্লেক্স জিম আৰু চৰাইদেউ জিলা শৰীৰ চর্চা সণ্হাৰ উদ্যোগত সোণাৰিত অনুষ্ঠিত হোৱা সদৌ অসম শৰীৰ চর্চা প্রতিযোগিতাত কামৰূপৰ কিম বড়ো মিষ্টাৰ চৰাইদেউ খিতাপ অর্জন কৰিবলৈ সক্ষম হয়। দেওবাৰে নিশা সোণাৰি ৰাজহুৱা প্রেক্ষাগৃহত অনুষ্ঠিত হোবা প্রতিযোগিতাখনত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা শতাধিক খেলুরৈয়ে অংশগ্রহণ কৰিছিল। প্রতিযোগিতাখনৰ মূল শাখাত অংশগ্রহণ কৰি মিষ্টাৰ চৰাইদেউ খিতাপ লাভ কৰা কিম বড়োক এখন বাইক আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। 

আনহাতে, মেন ফিজিক শাখাত অংশগ্রহণ কবি প্রথম স্থান লাভ কৰা ওদালগুৰিৰ জোনাক দৈমাৰীক এটা এল ই ডি টিভি আৰু নগদ ধন আগবঢ়োবা হয়। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনৰ ভিতৰত পোন প্রথমবাৰৰ বাবে আয়োজন কৰা ধুতি-গামোচা ৰাউণ্ডত তিনিচুকীয়াৰ জিন্টু কৰক নগদ ধন আৰু টকাৰে পুৰস্কৃত কৰা হয়। প্রতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত থাকে জয়ন্ত বাজকোঁৱৰ, নিপানন্দা হাজৰিকা আৰু যোগেন গগৈয়ে। 

সাংবাদিক সূর্য কুমাৰ বৰাই উদ্বোধন কৰা প্রতিযোগিতাখনৰ মাজতে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈ, টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ, চৰাইদেউ জিলা ক্রীড়া সন্থাৰ সাধাৰণ সম্পাদক মইদুল ইছলাম বৰা, সাংবাদিক মৃত্যুঞ্জয় দাস, শংকৰলাল আগৰৱালা, দীপাংকৰ পাল, আব্দুল জবাৰ, বিকি পাল আৰু আলিম আহমেদক উদ্যোক্তাসকলে সম্বর্ধনা জনায়। প্রতিযোগিতাখন পৰিচালনা কৰে ইউনিভাৰ্চেল ফ্রেস্ত জিমৰ পৰিচালক তথা প্রাক্তন মিষ্টাৰ ইউনিভাৰ্ছ অতনু বৰুৱাই।

Share This