ডিজিটেল ডেস্ক : অলপতে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ল'লে ভাৰতৰ তাৰকা ক্রিকেটাৰ বিৰাট কোহলীয়ে। কিন্তু তেওঁক পুনৰ দেখা পোৱা যাব পাৰে বগা জাহীৰে। কাউণ্টী ক্ৰিকেটৰ বাবে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীক চুক্তিবদ্ধ কৰিবলৈ আগ্রহী হৈ উঠিছে ইংলেণ্ডৰ কাউণ্টী ক্লাব মিডলছেক্স। কোহলীয়ে মাথোঁ এদিনীয়া আন্তর্জাতিকত খেলাৰ সিদ্ধান্ত লৈছে, সেয়েহে তেওঁৰ ক্ৰিকেটৰ সূচীও যথেষ্ঠ হ্রাস পাব।
মিডলছেক্সৰ কৰ্তৃপক্ষই সেই সুযোগ গ্রহণ কৰিব খোজে। বিশ্বৰ শ্ৰেষ্ঠ ক্রিকেটাৰক দলত অন্তর্ভুক্ত কৰিবলৈ সদায় আগ্রহী হৈ থাকে মিডলছেক্স। ২০১৯ চনত এই ক্লাবৰ হৈ খেলিছিল এ বি ডে ভিলিয়াছে। চলিত ছিজনত দ্বিতীয়ার্ধ্বত খেলাৰ কথা আছে নিউজিলেণ্ডৰ কেন উইলিয়ামছনৰ। এইবাৰ কোহলীৰ ওপৰত দৃষ্টি নিবদ্ধ আছে ক্লাব কর্তৃপক্ষৰ।
কাউণ্টী চেম্পিয়নশ্বিপ অথবা এদিনীয়া প্রতিযোগিতা মেট্র' বেংক কাপৰ বাবে যিকোনো মূল্যৰ বিনিয়মত কোহলীক চুক্তিবদ্ধ কৰিব খোজে মিডলছেক্স কর্তৃ পক্ষই। টেষ্টৰ পৰা অৱসৰ ল'লেও ৰঙা বলৰ ক্ৰিকেট নেখেলে বুলি কোৱা নাই কোহলীয়ে। সেয়ে ভাৰতীয় তাৰকাগৰাকীক পাবলৈ চেষ্টা চলাব কাউন্টী ক্লাব মিডলছেক্সে।