বিশ্বজুৰি ৩০ হাজাৰ কৰ্মচাৰীক ছাটাই, প্রযুক্তি কোম্পানী 'অ'ৰেকল'ৰ সিদ্ধান্ত

dainik janambhumi April 02, 2026

ডিজিটেল ডেস্ক : বিশ্বৰ সবাতোকৈ চহকী ব্যৱসায়ীৰ ভিতৰত ষষ্ঠ স্থানত থকা লেৰী এলিছনৰ প্ৰযুক্তি কোম্পানী অ'ৰেকলে বিশ্বজুৰি প্ৰায় ৩০ হাজাৰ কৰ্মচাৰীক কৰ্মচ্যুত কৰিছে। এয়া হৈছে বিশ্বজুৰি কোম্পানীটোত থকা মুঠ কৰ্মচাৰীৰ ১৮ শতাংশ। এইসকলৰ ভিতৰত ভাৰতৰ ১২ হাজাৰ কৰ্মচাৰীও আছে। 

সংবাদ মাধ্যমৰ বাতৰি মতে, কোম্পানীটোৱে আগন্তুক মাহটোত আৰু বহুসংখ্যক কৰ্মচাৰীক কৰ্মচ্যুত কৰাৰ আশংকা আছে। কৰ্মচাৰীসকলে ভাৰতীয় সময় মতে, ৩১ মার্চ মঙলবাৰে পুৱা ৬ বজাত ইনবক্সত চাকৰিৰ পৰা অব্যাহতিৰ পত্ৰ লাভ কৰে। তাত লিখা আছিল যে উক্ত দিনাই তেওঁলোকৰ শেষ কর্মদিন। কিছু সময়ৰ পাছতে কৰ্মচাৰীসকলৰ ছিষ্টেম এক্সেছ বন্ধ কৰি দিয়া হয়। কোম্পানীটোৱে এতিয়ালৈকে চাকৰিৰ পৰা অব্যাহতি দিয়াৰ কাৰণ জনোৱা নাই। 

'ইণ্ডিয়া টুডে" সংবাদপত্ৰৰ মতে কৰ্মচাৰীলৈ পত্ৰত লিখা হৈছে-'আমি আপোনাৰ চাকৰিৰ সৈতে জড়িত এটা জৰুৰী আৰু কঠিন বার্তা দিবলৈ বিচাৰিছোঁ। কোম্পানীৰ বৰ্তমানৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিষ্ঠানত কৰা বৃহৎ সালসলনিৰ পৰিপ্ৰেক্ষিতত আপোনাৰ পদ অন্ত পেলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ। সেয়ে আজি আপোনাৰ কামৰ অন্তিম দিন। আমি আপোনাৰ অৱদান, শ্ৰম আৰু কামৰ বাবে ধন্যবাদ জনাইছোঁ। অব্যাহতিৰ সৈতে জড়িত পত্ৰত স্বাক্ষৰ কৰাৰ পাছত আপুনি 'ছেভেৰেন্স পেকেজ' (চাকৰি শেষ হোৱাৰ পাছত লাভ কৰা ধন) পোৱাৰ যোগ্য হ'ব, যি কোম্পানীৰ চৰ্ত অনুসৰি হ'ব।'

Share This