ছিকিমত ভূমিস্খলন, অসমৰ যুৱকসহ ১০জনৰ মৃত্যু

dainik janambhumi July 22, 2026

ডিজিটেল ডেস্ক : ছিকিমত এটা নির্মীয়মাণ সুৰংগৰ প্ৰৱেশ পথত ভয়ংকৰ ভূমিস্খলন হোৱাত ২৭জন শ্রমিক আবদ্ধ হৈ পৰে। আবদ্ধসকলৰ ভিতৰত ইতিমধ্যে দহজনৰ মৃত্যু হৈছে। সুৰংগটোত এতিয়াও ১৭জন শ্রমিক আবদ্ধ হৈ আছে। 

ইফালে, সুৰংগটোত মিথেইন গেছ নির্গমণ হোৱাৰ আশংকা কৰা হৈছে। উদ্ধাৰকাৰী দলৰ কেইবাজনো সদস্য সুৰংগটোৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়ত মূৰ ঘূৰাবলৈ ধৰে আৰু কেইজনমান অচেতন হৈ পৰে। ফলত উদ্ধাৰ অভিযান প্ৰভাৱিত হৈছে। বিয়লি প্রায় ৩-৪০ বজাত সুৰংগটোত ভূমিস্খলনৰ তথ্য পোৱাৰ লগে লগে জিলা প্রশাসনে এন ডি আৰ এফ, এছ ডি আৰ এফ, আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীক উদ্ধাৰ অভিযানত লগায়। 

সুৰংগটোত পেটেল ইঞ্জিনীয়াৰিঙৰ ২১জন আৰু এন এইচ পি চিৰ ৬জনকে ধৰি ২৭জন শ্রমিক আছিল। এই সুৰংগটো তিস্তা ষ্টেজ-৬ জলবিদ্যুৎ প্রকল্পৰ বাবে পেটেল ইঞ্জিনীয়াৰিং কোম্পানীয়ে নিৰ্মাণ কৰি আছে। ইফালে ৰাজ্যখনত সুৰংগৰ ভূমিস্খলনত নিহতসকলৰ ভিতৰত অসমৰ এজন লোকো আছে। তথ্য অনুসৰি অসমৰ বাবুল বৰদলৈ নামৰ লোকজনৰ এই ঘটনাত মৃত্যু হয় ।

Share This