ডিজিটেল ডেস্ক : কালি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলে ৰাজ্যজুৰি। বহু শিক্ষাৰ্থীৰ জীৱনত আনন্দ আৰু সফলতাৰ হাঁহি কঢ়িয়াই আনিছে। কিন্তু এই আনন্দৰ মাজতে ডোমৰদলঙৰ এটা পৰিয়ালত নামি আহিল সীমাহীন দুখৰ ছাঁ, যিয়ে সকলোকে মর্মাহত কৰিছে। চৰাইদেউ জিলাৰ লেঙেৰীৰ সমীপৰ ডোমৰদলং গাঁৱৰ নিৱাসী ৰতন শইকীয়া আৰু প্ৰয়াত জোনালী শইকীয়াৰ কন্যা দীক্ষিতা শইকীয়াই এইবাৰ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। মেধা, অধ্যৱসায় আৰু শিষ্টাচাৰৰ বাবে চিনাকি দীক্ষিতাই ফলাফলৰ দিনটোলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। মেধাবী ছাত্ৰীগৰাকীৰ অধ্যয়নৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো বিশেষ পাৰদৰ্শিতা আছিল। বিহু নৃত্যত বিশেষ ৰাপ আছিল মেধাৱী ছাত্ৰীগৰাকীৰ। আজি ঘোষিত ফলাফলত দীক্ষিতাই নিজৰ যোগ্যতাৰ পৰিচয় দি চাৰিটা বিষয়ত লেটাৰ মাৰ্কসহ ৮০ শতাংশ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীর্ণ হ'বলৈ সক্ষম হয়।
পৰিয়াল, শিক্ষক আৰু সহপাঠীৰ বাবে এইটো আছিল এক গৌৰৱৰ মুহূৰ্ত। কিন্তু নিয়তিৰ নিষ্ঠুৰ খেল- এই সফলতাৰ আনন্দ উপভোগ কৰিবলৈ জীয়াই নাথাকিল মেধাৱী ছাত্ৰীগৰাকী। জানিব পৰা মতে, কিছুদিন পূর্বে দীক্ষিতা হঠাতে অসুস্থ হৈ পৰে। অৱস্থা গুৰুতৰ হোৱাত তেওঁক শনিবাৰে চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল। চিকিৎসাধীন অৱস্থাতেই সেইদিনাই পুৱতি নিশা দীক্ষিতাই শেষ নিশ্বাস ত্যাগ কৰে। এই আকস্মিক ঘটনাই পৰিয়াল, গাঁওবাসী আৰু বিদ্যালয় সমাজক গভীৰ শোকত ম্রিয়মাণ কৰি তুলিছে। কালিৰ দিনটোত ঘৰখনত আনন্দ, উল্লাস আৰু সফলতাৰ হাঁহিৰ বন্যাৰ পৰিৱৰ্তে বৈ আহিছে অশ্রুৰ বন্যা। কালি দীক্ষিতাৰ তিলনি উপলক্ষে ঘৰখনত শোকস্তব্ধ পৰিৱেশ। আত্মীয়-স্বজন, সহপাঠী আৰু শিক্ষকসকল সকলো এতিয়া বাকৰুদ্ধ আৰু দুখত ম্রিয়মাণ।
বিদ্যালয়খনৰ শিক্ষকসকলে দীক্ষিতাক এক অধ্যৱসায়ী, নম্ৰ আৰু মেধাৱী ছাত্ৰী হিচাপে উল্লেখ কৰি তেওঁৰ এই অকাল প্রয়াণে বিদ্যালয়খনৰ এক অপূৰণীয় ক্ষতি হোৱা বুলি মন্তব্য কৰিছে। সহপাঠীসকলেও দীক্ষিতাৰ সৈতে কটাই যোৱা স্মৃতিবোৰে এতিয়া তেওঁলোকক আৱেগিক কৰি তুলিছে। সম্ভাৱনাপূর্ণ ছাত্ৰীগৰাকীৰ অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলটোক শোকাকুল কৰি তুলিছে।