দেউলীয়া বৃহৎসংখ্যক কোম্পানী

dainik janambhumi December 29, 2025

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে তেওঁৰ শুল্ক নীতি আমেৰিকাৰ স্বাৰ্থত গ্ৰহণ কৰা বুলি দাবী কৰি আহিছে যদিও দেশখনত ইয়াৰ বিৰূপ প্রভাৱহে পৰিছে। এখন প্রতিবেদনত প্ৰকাশ পোৱা মতে ট্রাম্পৰ দ্বিতীয়টো কার্যকালত দেউলীয়া ঘোষণা কৰা কোম্পানীৰ সংখ্যা একেৰাহে বৃদ্ধি পাইছে। চলিত বছৰত দেশখনত দেউলীয়া ঘোষণা কৰা কোম্পানীৰ সংখ্যাই যোৱা ১৫ বছৰৰ অভিলেখ ভংগ কৰে। ইয়াৰ লগতে মুদ্রাস্ফীতিৰ হাৰো বৃদ্ধি পাইছে। 

দ্য ৱাশ্বিংটন প'ষ্টত প্রকাশ পোৱা এখন প্রতিবেদনৰ মতে, চলিত বছৰত বৃহৎসংখ্যক কোম্পানীয়ে নিজকে দেউলীয়া ঘোষণা কৰিবলৈ বাধ্য হৈছে আৰু মহামন্দাৱস্থাৰ পাছৰ পৰ্যায়লৈ গৈছে। এছ এণ্ড পি গ্ল'বেল মার্কেট ইন্টেলিজেন্সৰ তথ্য মতে জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে চেপ্টাৰ ৭ আৰু চেপ্টাৰ ১১ৰ অধীনত দেউলীয়া ঘোষণা কৰা কোম্পানীৰ সংখ্যা ৭১৭টা হৈছেগৈ। যোৱা বছৰৰ তুলনাত এই বছৰৰ ১১ মাহত দেউলীয়া ঘোষণা কৰা কোম্পানীৰ সংখ্যা ১৪% বৃদ্ধি পাইছে। বাতৰিটোৰ মতে আমেৰিকাত সর্বাধিক ক্ষতি হৈছে আমদানিৰ ওপৰত নিৰ্ভৰশীল কোম্পানীসমূহৰ। ট্রাম্পৰ শুল্ক নীতিয়ে এই কোম্পানীবোৰত বৃহৎ প্রভাৱ পৰিছে আৰু কেইবাটাও দশকৰ পাছত সর্বাধিক শুল্ক ভৰিব লগা হৈছে। 

দেউলীয়া ঘোষণা কৰাৰ বাবে আৱেদন জনোৱা সৰ্বাধিক কোম্পানী হ'ল ঔদ্যোগিক খণ্ডৰ। ইয়াৰ ভিতৰত নিৰ্মাণ, উৎপাদন আৰু পৰিবহণ খণ্ডৰ কোম্পানীও আছে। বিশেষজ্ঞসকলৰ মতে, ভালেমান ব্যৱসায় অত্যধিক শুল্ক আৰু আন ব্যয়ৰ বোজাৰ সৈতে সংগ্ৰাম কৰিবলগীয়া হৈছে। দেওলীয়া ঘোষণা কৰাৰ কাৰণ হিচাপে ট্রাম্পৰ প্ৰশাসনৰ বাণিজ্যিক নীতিৰ ফলত যোগান শৃংখলাত হেঙাৰৰ সৃষ্টি কৰা, মুদ্রাস্ফীতি আৰু নীতিগত সুতৰ হাৰক জগৰীয়া কৰে। ট্রাম্পৰ শুল্ক নীতিয়ে এই কোম্পানীসমূহক বেয়াকৈ প্ৰভাৱিত কৰিছে। আমেৰিকাত নৱেম্বৰত সমাপ্ত হোৱা এটা বছৰত উৎপাদন খণ্ডত ৭০ হাজাৰতকৈ অধিক লোকক চাটাই কৰা হয়। এনে অৱস্থাত ট্রাম্পৰ দাবীৰ ফোঁপোলা স্বৰূপ ওলাই পৰিছে।

Share This