পি অ' কেত পুনৰ শক্তি সঞ্চয় লস্কৰ-এ-তৈয়বাৰ

dainik janambhumi May 26, 2026

ডিজিটেল ডেস্ক : পাক-অধিকৃত কাশ্মীৰত (পি অ' কে) এবছৰ পূৰ্বে ভাৰতে চলোৱা 'অপাৰেশ্যন সেন্দুৰ'ত তচনচ হৈ পৰিছিল লস্কৰ-এ-তৈয়বাকে ধৰি কেইবাটাও সন্ত্রাসবাদী সংগঠনৰ ঘাটি। পহলগামত সন্ত্রাসবাদী আক্ৰমণৰ পাছতে ভাৰতৰ প্রতিশোধমূলক ড্র'ন আৰু ক্ষেপণাস্ত্র আক্রমণত ছেদেলি-ভেদেলি হৈ পৰিছিল পাকিস্তান সমর্থিত কুখ্যাত সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-তৈয়বাৰ সকলো আন্তঃগাঁথনি। কিন্তু শেহতীয়াকৈ পাকিস্তান চৰকাৰৰ সহযোগত সন্ত্রাসবাদী সংগঠনটোৱে পি অ' কেত আন্তঃগাঁথনি পুনৰ শক্তিশালী কৰাৰ চেষ্টা কৰিছে। ভাৰতীয় চোৰাংচোৱাই এই তথ্য প্রকাশ কৰিছে। ভাৰতৰ সৈতে নিয়ন্ত্রণৰেখাৰ (এল অ' চি) কাষতে থকা পিঅ'কেত লস্কৰে সংগঠনটোৰ প্ৰশিক্ষণ শিবিৰ আৰু লঞ্চপেড পুনৰ স্থাপনৰ বাবে সক্রিয়ভাৱে কাম কৰি আছে। 

পি অ' কেত আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে শেহতীয়াকৈ লস্কৰ এ-তৈয়বাৰ জ্যেষ্ঠ নেতা হাফিজ তালহা ছৈয়দে পি অ' কেৰ প্রাক্তন প্রধানমন্ত্রী তথা সদৌ জম্মু আৰু কাশ্মীৰ মুছলিম কনফাৰেন্সৰ সভাপতি ছৰ্দাৰ আটিক আহমেদ খানৰে তেওঁৰ বাসগৃহত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত ৰাবটা উলেমা-এ-মাছাইখ পাকিস্তানৰ অধ্যক্ষ, ইটেহাদ-এ-উম্মাট পাকিস্তানকে ধৰি কেইবাটাও দল-সংগঠনৰ নেতৃত্বই ভাগ লয়। বৈঠকত কাশ্মীৰৰ বিভিন্ন বিষয়ৰ লগতে ইয়াৰ স্বাধীনতাৰ সন্দৰ্ভত স্থানীয় মতামতৰ দ্বাৰা জনতাক প্ৰভাৱিত কৰাৰ বিষয়তো লস্কৰ-এ-তৈয়বাই গুৰুত্ব আৰোপ কৰে। মাদ্ৰাছাৰ জৰিয়তে সন্ত্রাসবাদী সংগঠনটোৰ সদস্য বাছনিৰ বাবে সংগঠনটোৱে পি অ' কেক ব্যৱহাৰ কৰি আহিছে। সন্ত্রাসবাদী আৰু চৰকাৰী পক্ষৰ এই বৈঠকত কাশ্মীৰ বিষয়টোৰ লগতে সমাগত পি অ' কেৰ নিৰ্বাচনৰ বিষয়টোৱেও স্থান লাভ কৰে। 

চোৰাংচোৱাৰ তথ্য অনুসৰি চৰকাৰী পক্ষৰ সহযোগত লস্কৰ-এ-তৈয়বাই পি অ'কেত সংগঠনটোৰ লঞ্চপেড মার্কাজ-উল-কুডছৰ পুনৰ নিৰ্মাণ কৰিছে। এই লঞ্চপেডৰ জৰিয়তে সন্ত্রাসবাদীক ভাৰতলৈ অনুপ্রবেশ কৰোৱা হয়। তদুপৰি সীমান্ত অঞ্চলত পুনৰ সন্ত্রাসবাদী কার্যকলাপ আৰু অস্ত্ৰ সৰবৰাহ বৃদ্ধি কৰাৰ লক্ষ্যৰে লস্কৰে পি অ' কেৰ বিভিন্ন স্থানীয় পথ, অন্যান্য পৰিবহণ নেটৱৰ্ক, আশ্রয় শিবিৰ, প্রশিক্ষণ শিবিৰ পুনৰ নিৰ্মাণ কৰি উলিয়াইছে। লস্কৰৰ শীর্ষ নেতা হাফিজ তালহা ছৈয়দৰ সৈতে বৈঠকত পাকিস্তানৰ কেইবাজনো শীর্ষ ৰাজনৈতিক নেতায়ো ভাগ লৈছিল। উল্লখযোগ্য যে ভাৰতৰ 'অপাৰেশ্যন সেন্দুৰ'-এ কার্যতঃ কঁকাল ভাঙি দিছিল সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-তৈয়বাৰ।

Share This