গুজৰানৱালাত লস্কৰ-হামাছৰ মুকলি বৈঠক, সন্ত্রাসবাদীৰ পৃষ্ঠপোষক হিচাপে পুনৰ প্ৰমাণিত পাকিস্তান

dainik janambhumi January 08, 2026

ডিজিটেল ডেস্ক : সন্ত্রাসবাদ আৰু সন্ত্রাসবাদীৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ পাকিস্তানত এইবাৰ মুক্তভাৱেই দুটাকৈ বিশ্বত্রাস সৃষ্টিকাৰী সন্ত্রাসবাদী সংগঠনৰ বৈঠক অনুষ্ঠিত হ'ল। আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত নিজকে সন্ত্রাসবাদ-বিৰোধী বুলি প্রতিপন্ন কৰিব খুজিও বাৰে বাৰে মুখথেকেচা খোৱা পাকিস্তানৰ গুজৰানৱালাত সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-তৈবা আৰু হামাছৰ এখন বৈঠক অনুষ্ঠিত হৈ যায়। সামাজিক মাধ্যমত ফাদিল হোৱা বৈঠকৰ এটা ভিডিঅ'ই পাকিস্তানৰ স্বৰূপ পুনৰ এবাৰ বিশ্বৰ সন্মুখত উদঙাই দিলে।

পেলেষ্টাইনৰ সন্ত্রাসবাদী গোট হামাছ আৰু পাকিস্তানৰ লস্কৰ-এ-তৈবাৰ এই বৈঠকত হামাছৰ জ্যেষ্ঠ কমাণ্ডাৰ নাজি জাহিৰ আৰু লস্কৰৰ জ্যেষ্ঠ নেতা ৰছিদ আলী সান্ধুৰ মাজত দীঘলীয়া আলোচনা অনুষ্ঠিত হয়। পাকিস্তান মার্কাজি মুছলিম লীগে (পি এম এম এল) আয়োজন কৰা এটা অনুষ্ঠানৰ অংশ হিচাপে এই সন্ত্রাসবাদী সংগঠন দুটাৰ বৈঠক অনুষ্ঠিত হয়। পি এম এম এলক লস্কৰ-এ-তৈবাৰ ৰাজনৈতিক শাখা বুলিও কোৱা হয়।

এই বৈঠকে দুয়োটা সন্ত্রাসবাদী সংগঠনৰ মাজত বুজাবুজি হোৱাটোকে ইংগিত কৰে। উল্লেখযোগ্য যে পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ মাত্ৰ কেইদিনমান পূর্বে হামাছৰ এইগৰাকী কমাণ্ডাৰ নাজি জাহিৰে পাকিস্তানৰ দখলত থকা কাশ্মীৰ (পি অ' কে) ভ্রমণ কৰিছিল। এই ভ্রমণকালত তেওঁ লস্কৰ-এ-তৈবা আৰু জৈছ-এ-মহম্মদৰ নেতাসকলৰ সৈতে এখন ভাৰত-বিৰোধী সমাৱেশতো ভাগ লৈছিল।

Share This