ৰঙিয়াৰ অট্টালিকাত মাতৃ-কন্যাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Jyoti Borah August 15, 2023

ডিজিটেল ডেস্কঃ ৰঙিয়া চহৰৰ মাজমজিয়াৰ শিৱ মন্দিৰৰ কাষৰ এটা অট্টালিকাত আজি দুপৰীয়া মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মৃতদেহ দুটা ৰঙিয়া চহৰৰ ব্যৱসায়ী প্ৰবীণ আগৰৱালাৰ পত্নী আৰু কন্যা ক্ৰমে পিনু আগৰৱালা [৪৫] আৰু কণিকা আগৰৱালাৰ [১৮] বুলি জানিব পৰা গৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি অট্টালিকাটোত আজি পুৱাৰে পৰা উৎকট দুৰ্গন্ধ ওলাবলৈ ধৰাত অট্টালিকাটোত ভাৰাতীয়া হিচাপে বাস কৰা অন্যান্য আৱাসীসকলৰ মাজত উৎসুকতাৰ সৃষ্টি হয়৷ দুৰ্গন্ধৰ উৎস বিচাৰি এগৰাকী মহিলাই অট্টালিকাটোৰ নিৰ্দিষ্ট ফ্লেটটোত প্ৰৱেশ কৰাৰ লগে লগে ফ্লেটটোৰ দুটা কোঠাত মাতৃ-কন্যাৰ মৃতদেহ পৃথকে পৰি থকা দেখি হতভম্ব হৈ পৰে৷ লগে লগে ঘটনাটো বনজুইৰ দৰে সকলো পিনে বিয়পি পৰে৷ মুহূৰ্তৰ ভিতৰতে লোকাৰণ্য হৈ পৰে অঞ্চলটোৰ চৌদিশ৷ খন্তেক সময় পাছতে ঘটনাস্থলীত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ দল এটা উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে৷ ঘটনাস্থলীত পাছত আৰক্ষীৰ স্নিফাৰ ডগ আৰু ফৰেনছিকৰ দলো উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে৷ কোঠাৰ মজিয়াত উদ্ধাৰ হোৱা মাতৃ-কন্যাৰ মৃতদেহ দুটা প্ৰায় উৱলি যোৱালৈ চাই তিনি-চাৰি দিন পূৰ্বেই তেওঁলোকৰ মৃত্যু ঘটা বুলি আৰক্ষীয়ে ধাৰণা কৰিছে৷ পিছে কেনেকৈ কি পৰিস্থিতিত মাতৃ-কন্যাহালে মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল সেই লৈ আৰক্ষী এইপৰ্যন্ত নিশ্চিত হ’ব পৰা নাই৷ সমগ্ৰ ঘটনাটো হত্যা নে আত্মহত্যা তাকে লৈ আৰক্ষীৰ জোৰদাৰ তদন্ত অব্যাহত আছে৷ ইফালে, পৰিয়ালৰ মুৰব্বী তথা পিনু আগৰৱালাৰ স্বামী প্ৰবীণ আগৰৱালা পুৱাৰে পৰা অন্তৰ্ধান হৈ থকা ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে৷ একাংশ ওচৰ-চুবুৰীয়া আৰু সতীৰ্থ ব্যৱসায়ীয়ে আজি পুৱা প্ৰবীণ আগৰৱালাক অট্টালিকাটোৰ তলত প্ৰত্যক্ষ কৰিছিল যদিও তাৰ পাছৰ পৰাই লোকজন অন্তৰ্ধান হৈ পৰে৷ সম্প্ৰতি প্ৰবীণ আগৰৱালাৰ ম’বাইল ফ’নৰ ছুইচ অফ্‌ হৈ আছে৷ ৰাইজে সন্দেহ কৰা অনুযায়ী প্ৰবীণ আগৰৱালাই কোনো অজ্ঞাত কাৰণত নিজ পত্নী আৰু কন্যাক চোকা অস্ত্ৰৰে আঘাতকৰি হত্যা কৰাৰ পাছত মজিয়াত পেলাই থৈছিল৷ লক্ষণীয়ভাৱে পকী মজিয়াত দুয়োৰে মৃতদেহৰ কাষত তেজৰ ডোঙা গোট মাৰি আছিল৷ কন্যাৰ মৃতদেহটো এখন বিছনা চাদৰেৰে ঢাকি থোৱা আছিল আন এক তথ্য মতে কালি প্ৰবীণ আগৰৱালাৰ এগৰাকী সম্পৰ্কীয় মহিলাই তেওঁৰ পত্নী-কন্যাক কেইবা দিন ধৰি নেদেখা বুলি প্ৰশ্ন কৰাত তেওঁ দুয়োৰে বেমাৰ হৈ থকা বুলি অৱগত কৰিছিল৷ আ(ৰ্যকৰ কথাটো হ’ল অট্টালিকাটোৰ যিটো ফ্লেটত মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ হৈছে সেই ফ্লেটটোতে চৰম দুৰ্গন্ধ নাকত লৈ প্ৰবীণ আগৰৱালাই চাৰি-পাঁচ দিন অতিবাহিত কৰিছিল৷ একাংশ লোকে জানিবলৈ দিয়া মতে প্ৰবীণ আগৰৱালাই তীব্ৰ অৰ্থ সংকটত ভুগি থকাৰ লগতে যথেষ্ট পৰিমাণে ঋণগ্ৰস্ত আছিল৷ ডিছপ’জেবল গ্লাছ, প্লেটৰ লগতে প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱসায় কৰা প্ৰবীণ আগৰৱালাৰ আৰ্থিক অৱস্থা বিগত লকডাউনৰ সময়ৰ পৰা অতি শোচনীয় হৈ পৰে৷শেহতীয়াকৈ চৰকাৰে প্লাষ্টিকৰ বহু সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাত তেওঁৰ ব্যৱসায় সম্পূৰ্ণৰূপে ভাগি পৰে৷ উল্লেখযোগ্য যে মৃতদেহ উদ্ধাৰ হোৱা প্ৰবীণ আগৰৱালাৰ কন্যা কণিকা আগৰৱালাই ৰঙিয়াৰ ফাটিমা কনভেণ্ট ছিনিয়ৰছেকেণ্ডাৰী স্কুলৰ পৰা দুবছৰ পূৰ্বে সুখ্যাতিৰে মেট্ৰিক উত্তীৰ্ণ হৈ সম্প্ৰতি ৰঙিয়াৰ ইউক্লিড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উচ্ছতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অধ্যয়ন কৰি আছিল৷ চাপৰমুখত প্ৰবীণ আগৰৱালাক সন্ধিয়া গ্ৰেপ্তাৰ ৰহাৰ নিজা বাতৰি দিওঁতা ৰঙিয়াত মাতৃ-কন্যাৰ অৰ্ধগলিত মৃতদেহৰ উদ্ধাৰ হোৱা ঘটনাৰ মূল অভিযুক্ত প্ৰবীণ আগৰৱালাক আজি সন্ধিয়া চাপৰমুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷চাপৰমুখ জংছনৰ পৰা চাপৰমুখৰ আৰক্ষীয়ে আটক কৰে প্ৰবীণ আগৰৱালাক৷ ৰঙিয়াতমাতৃ -কন্যাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা সময়ৰে পৰা নিৰুদ্দেশ হৈ আছিল প্ৰবীণ আগৰৱালা৷ এয়া তিনিওজনৰে পৰিকল্পিত আত্মহত্যা বুলি প্ৰকাশ কৰিছে প্ৰবীণ আগৰৱালাই৷ পত্নী আৰু কন্যাই বিষ পান কৰি আত্মহত্যা কৰাৰ বিপৰীতে প্ৰবীণ আগৰৱালাই চিপ লৈ আত্মহত্যাৰ দুবাৰ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল বুলি প্ৰকাশ কৰিছে৷ টকাৰ ধাৰৰ বাবেই তিনিওৱে মিলি এনে চৰম সিদ্ধান্ত লোৱা বুলি প্ৰবীণ আগৰৱালাই প্ৰকাশ কৰিছে যদিও প্ৰকৃত ৰহস্য কি সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব৷ উল্লেখ্যযোগ্য যে চাপৰমুখৰ প্ৰবীণ আগৰৱালাই ৰঙিয়াত ভাৰাঘৰ লৈ ব্যৱসায় চলাই আহিছিল৷

Share This