ডিজিটেল ডেস্কঃ ভাৰতৰ বৈদেশিক মুদ্রাৰ পৰিমাণ ৪.৮৪ বিলিয়ন ডলাৰৰ পৰা ৭০২.৭৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। চলিত বৰ্ষৰ ২৭ জুনত কৰা হিচাপত বিদেশী মুদ্রাৰ অভিলেখ ভাৰতত হৈছে। ভাৰতীয় বিজার্ভ বেংকে (আৰ বি আই) প্ৰকাশ কৰা ইয়াৰ শেহতীয়া পৰিসংখ্যাত এই তথ্য প্রকাশ পাইছে। উল্লেখযোগ্য যে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত অন্ত পৰা হিচাপত ভাৰতৰ বৈদেশিক মুদ্রাৰ পৰিমাণ ৭০৪.৮৯ বিলিয়ন ডলাৰ হৈ সর্বকালৰ সর্বোচ্চ অভিলেখৰ সৃষ্টি কৰিছিল।
আনহাতে, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ শেহৰফালে ভাৰতৰ বৈদেশিক মুদ্রাৰ পৰিমাণ প্রায় ৬২৪ বিলিয়ন ডলাৰৰ পতন হৈছিল। ইফালে, ভাৰতৰ বিদেশী মুদ্ৰাৰ সম্পদ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ২৭ জুনৰ হিচাপত ভাৰতৰ বৈদেশিক মুদ্রাৰ পৰিমাণ ৭০২.৭৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়। আনহাতে, সোণৰ জমা পৰিমাণ ভাৰতৰ হ্রাস পাইছে। ভাৰতৰ সোণৰ জমাৰ মূল্য ৮৪.৫ বিলিয়ন ডলাৰৰ পৰা ১.২৩ বিলিয়ন ডলাৰলৈ হ্রাস পায়। ইফালে, ভাৰতৰ বিদেশী মুদ্রাৰ সম্পদৰ মূল্য ৫.৭৫ বিলিয়ন ডলাৰৰ পৰা ৫৯৪.৮২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়।
উল্লেখযোগ্য যে ডলাৰৰ হিচাপত বৈদেশিক মুদ্ৰাৰ সম্পদ প্রকাশ কৰা হয়। অন্য মুদ্রাসমূহ যেনে- ইউব', পাউণ্ড আৰু য়েনৰ বৃদ্ধি আৰু হ্ৰাসৰ ওপৰতো বৈদেশিক মুদ্ৰাৰ ভঁৰালৰ হিচাপ কৰা হয়। আনহাতে, আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিৰ (আই এম এফ) সৈতে থকা ভাৰতৰ বৈদেশিক মুদ্রাৰ পৰিমাণ ১৭৬ নিযুত ডলাৰৰ পৰা ৪.৬২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। ৪ জুলাইত আৰ বি আয়ে প্রকাশ কৰা শেহতীয়া পৰিসংখ্যাত এই তথ্য প্রকাশ পাইছে।
আনহাতে, আৰ বি আয়ে প্রকাশ কৰা ডলাৰৰ ক্ষেত্ৰত এই বৃদ্ধি সত্ত্বেও এপ্রিল আৰু মে'ত ভাৰতৰ বৈদেশিক মুদ্রা ১৯ বিলিয়ন ডলাৰ হ্রাস পাইছিল। অৱশ্যে, আৰ বি আইৰ মুঠ ডলাৰৰ বিক্ৰী এপ্রিল-মে'ৰ সময়ছোৱাত ৩.২ বিলিয়ন ডলাৰেৰে এক সন্মানজনক অৱস্থাত থাকে। আৰ বি আয়ে ইয়াৰ শেহতীয়া বিত্তীয় নীতিৰ বিবৃতিত গৱৰ্ণৰ সঞ্জয় মালহোত্রাই কয় যে ভাৰতৰ বৈদেশিক মুদ্রাব ভঁৰালে ১১ মাহৰ আমদানি আৰু দেশৰ ৯৬ শতাংশ বহিঃৰাষ্ট্ৰৰ ঋণ পৰিশোধ কৰিব পাৰিব। বর্তমান ভাৰতৰ বাহ্যিক বিত্তীয় সক্ষমতাৰ স্থিতিক আলোকপাত কৰি আৰ বি আইৰ গৱৰ্নৰজনে এইদৰে কয়। এটা টনকিয়াল বৈদেশিক মুদ্রাৰ ভঁৰালে বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ লগতে বিশ্বস্তৰত টকাৰ মূল্য বৃদ্ধি কৰিব বুলি মালহোত্রাই কয়।