ডিজিটেল ডেস্ক : অসম কন্যা লাভলীনা বৰগোহাঁইকে ধৰি সাক্ষী চৌধাৰী, যদুমণি সিং আৰু নৰেন্দৰ বাৰৱালে আসন্ন কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত ভাৰতক প্রতিনিধিত্ব কৰিব। প্রতিযোগিতা দুখনলৈ যোগ্যতা আহৰণৰ বাবে তিনিদিনীয়াকৈ আয়োজন কৰা বাছনী শিবিৰৰ কালি অন্তিম দিনা লাভলীনাই ৭৫ কেজি ওজন শাখাৰ ফাইনেলত ছানামাচা চানুক সহজেই ৫-০ ব্যৱধানত হৰুৱাই কমনৱেলথ আৰু এছিয়ান গেমছৰ বাবে বিমানৰ টিকট নিশ্চিত কৰে।
ইফালে, সাক্ষীয়ে হিচাপী খেলেৰে ৪৮ কেজিৰ ডিফেন্ডিং বিশ্ব চেম্পিয়নত মীনাক্ষি হুদাক ৫-০ ব্যৱধানত হৰুৱাই ৫১ কেজি ওজন শাখাত যোগ্যতা অর্জন কৰে।
মহিলাৰ শাখাত লাভলীনা আৰু সাক্ষীৰ উপৰি প্ৰীতি পাৱাৰ (৫৪ কেজি), জেছমিন লাম্বৰিয়া (৫৭ কেজি, মাথোঁ কমনৱেলথ গেমছ), প্রিয়া ঘাংঘাছ (৬০ কেজি), পাৰবীন হুদা (৬৫ কেজি) আৰু অৰুন্ধতী চৌধাৰী (৭০ কেজি, মাথোঁ কমনৱেলথ)। ইফালে পুৰুষৰ শাখাত যদুমণি সিং (৫৫ কেজি), শচীন ছিৱাচ (৬০ কেজি), আদিত্য প্রতাপ সিং (৬৫ কেজি, মাথোঁ কমনৱেলথ) সুমিত কুণ্ডু (৭৫ কেজি), অংকুশ (৮০ কেজি), কপিল পখাৰিয়া (৯০ কেজি) আৰু নৰেন্দৰ বাৰৱালে (৯০ কেজি ঊর্ধ্বত) ভাৰতীয় দলত স্থান পাইছে।