ডিজিটেল ডেস্ক : নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ মঙলবাৰে দল নির্বাচনী বৈঠকত উপস্থিত আছিল বেংগালুৰুস্থিত উৎকর্ষ কেন্দ্ৰৰ (চি অ'ই) প্রধান ভি ভি এছ লক্ষ্মণ। নির্বাচক নহ'লেও এতিয়াৰ পৰা ভাৰতৰ প্রতিটো দল নির্বাচনী বৈঠকত উপস্থিত থাকিব একালৰ তাৰকা বেটাৰ লক্ষ্মণ। এই কথা জানিবলৈ দিছে ভাৰতীয় ক্রিকেট ব'ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই।
চি অ'ইৰ সৈতে যাতে ভুল বুজাবুজি এৰাই চলিবলৈকে এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। অজিত আগৰকাৰ মুখ্য নির্বাচকৰ দায়িত্বত থকাৰ সময়তে তেওঁৰ সৈতে লক্ষ্মণৰ ব্যৱধান বৃদ্ধি পাই ছিল। ক্রিকেটাৰৰ ফিটনেছক লৈ চি অ'ইয়ে সঠিক তথ্য দিয়া নাছিল বুলি অভিযোগ কৰিছিল আগৰকাৰে। সেয়া মানি লোৱা নাছিল লক্ষ্মণে। সেই মত বিৰোধ এৰাই চলিবলৈকে এই নতুন সিদ্ধান্ত লয় ব'র্ডে।
সেই প্রসংগ দেৱজিৎ শইকীয়াই কয়, 'এতিয়াৰ পৰা নিৰ্বাচক সমিতিৰ বৈঠকত থাকিব লক্ষ্মণ। যাতে নির্বাচক আৰু চি অ' ইৰ মাজত ভুল বুজাবুজি নহয়। মুম্বাইৰ পর্যালোচনাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। চি অ'ইৰ প্ৰধান হিচাপে লক্ষ্মণ সকলো বৈঠকত উপস্থিত থকাৰ দৰকাৰ। নির্বাচকে যাতে সঠিক সিদ্ধান্ত ল'ব পাৰে আৰু ভুল বুজাবুজি নহয়, সেয়া নিশ্চিত কৰিবলৈকে এই সিদ্ধান্ত লোৱা হৈছে।'