ডিজিটেল ডেস্ক : নেমু ছালৰ বাবে অতি উপকাৰী বুলি জনা যায়। ক’লা দাগ হোৱাৰ কাৰণ হ’ল টোপনিৰ অভাৱ। কিন্তু আপোনাৰ যদি ক'লা দাগৰ সমস্যা আছে তেন্তে নেমুৰ সহায়ত মুখৰ ক’লা দাগ কম কৰিব পাৰি।
নেমুত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ছালত ক’লা দাগ কমোৱাত সহায় কৰে।নেমুত বেক্টেৰিয়া প্ৰতিৰোধী আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ আছে। ই ছালত থকা বেক্টেৰিয়া আৰু ভেঁকুৰবোৰ নাইকিয়া কৰে। ইয়াৰ উপৰি নেমুই ছালৰ অন্যান্য সংক্ৰমণ ৰোধ কৰাত সহায় কৰে। এতিয়া জানো আহক নেমু ৰসৰ দ্বাৰা ছালৰ ক'লা দাগ কেনেকৈ আঁতৰ কৰিব পাৰি
ইয়াৰ বাবে লাগিব আপোনাক এটা সতেজ নেমু। নেমুটো দুভাগ কৰি লওঁক। পিছত এটা বাটিত ইয়াৰ ৰস উলিয়াই লওক। তাৰ পিছত এটা কপাহৰ টুকুৰাৰ সহায়ত নেমু ৰস আপোনাৰ ক'লা দাগ হোৱা অংশত লগাব। তাৰ পিছত ১০ৰ পৰা ১৫ মিনিট সময় ৰাখি মুখখন ধুব। এইটো আপুনি সপ্তাহত দুবাৰকৈ প্ৰয়োগ কৰিলে আপোনাৰ ক'লা দাগ অতি সহজে নাইকিয়া হ'ব। কিন্তু এটা কথাৰ প্ৰতি সাৱধান হোৱা উচিত নেমুৰ ৰস ব্যৱহাৰ কৰাৰ আগতে পেচ টেষ্ট কৰক। ইয়াৰ ফলত আপোনাৰ ছালে সহ্য কৰিব পাৰে নে নোৱাৰে সেই বিষয়ে জানিব পাৰিব। আনহাতে নেমুৰ ৰস মুখত লগাওঁতে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিব লাগে।