‘মৃত্যু হৈছে জীৱনৰ এক চিৰন্তন সত্য’  জানো আহক গীতাৰ এই বহুমূলীয়া চিন্তা...

Jyoti Borah October 03, 2023

ডিডিটেল ডেস্ক : শ্ৰীমদ্ভ ভাগৱত গীতাত মহাভাৰতৰ যুদ্ধৰ সময়ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া শিক্ষাসমূহৰ কথা উল্লেখ কৰা হৈছে। গীতাত দিয়া শিক্ষা মানৱ জীৱনত আজিও সমানেই প্ৰাসংগিক আৰু জীৱনৰ সঠিক পথ প্ৰদৰ্শক। গীতাত ১৮টা অধ্যায় আৰু ৭০০ পদ আছে য’ত ধৰ্মৰ পথ অনুসৰণ কৰি এজন ব্যক্তিয়ে জীৱনটো সফল আৰু সুন্দৰ কৰি তুলিব পাৰে।

জীৱনৰ সকলো দ্বিধাদ্বন্দ্ব আৰু সমস্যাৰ সমাধান গীতাত পোৱা যায়। গীতাৰ শিক্ষা পালন কৰি এজন ব্যক্তিৰ জীৱন সলনি হয় আৰু প্ৰতিটো কামতে সফলতা লাভ কৰে বুলি বিশ্বাস কৰা হয়। শ্ৰীমদ্ভ ভাগৱত গীতাৰ বহুমূলীয়া চিন্তাসমূহ জানো আহক।
গীতা ধৰ্মধ্বনিৰ গুৰুত্বপূৰ্ণ কথা-
* গীতাত উল্লেখ কৰা অনুসৰি মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটো হ’ল মৃত্যু। সেয়েহে মানুহে কেতিয়াও মৃত্যুক ভয় কৰা উচিত নহয়। তেওঁৰ এই ভয়ে বৰ্তমানৰ সুখ নোহোৱা কৰে। 
* ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে ক্ৰোধে বিভ্ৰান্তিৰ সৃষ্টি কৰে আৰু বিভ্ৰান্তিয়ে বুদ্ধি ধ্বংস কৰে। যেতিয়া বুদ্ধিয়ে কাম নকৰে তেতিয়া যুক্তিৰ ধ্বংস হয়। সেয়েহে প্ৰতিজন ব্যক্তিয়ে নিজৰ খং নিয়ন্ত্ৰণ কৰা উচিত।
* শ্ৰীকৃষ্ণই গীতাত উল্লেখ কৰা মতে কোনো ব্যক্তিয়ে নিজৰ কৰ্তব্যৰ পথৰ পৰা আঁতৰি থকা উচিত নহয়। কাৰণ কৰ্মমুক্ত জীৱনে এজন ব্যক্তিক পথভ্ৰষ্ট কৰি তোলে। যদি আপুনি জীৱনত আগবাঢ়ি যাব বিচাৰে তেন্তে সদায় নিজৰ কৰ্ম সম্পাদন কৰি যাওক।
* শ্ৰীমদ্ভ ভাগৱত গীতাত উল্লেখ কৰা অনুসৰি প্ৰতিজন ব্যক্তিয়ে নিজকে আত্মবিশ্লেষণ কৰা উচিত।ইয়াৰ দ্বাৰা এজন ব্যক্তিয়ে নিজৰ গুণ-গৰিমাৰ বিষয়ে জানিব পাৰে। আত্মবিশ্লেষণে এজন ব্যক্তিক শুদ্ধ সিদ্ধান্ত লোৱাত সহায় কৰে।
* গীতাৰ মতে প্ৰতিজন ব্যক্তিয়ে নিজৰ মনক নিয়ন্ত্ৰণ কৰা উচিত। নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিলে এজন ব্যক্তিয়ে জীৱনৰ লক্ষ্যত সহজেই সফলতাৰ লাভ কৰিব পাৰে।

Share This