Sea weed ৰ therapy কি জানো আহক.....
Dainik Janambhumi
November 07, 2024
মধুমিতাৰ একলম....
ডo মধুমিতা শইকীয়া, সৌন্দৰ্য শিক্ষাবিদ
ডিজিটেল ডেস্কঃ জাপান, চীন, কোৰিয়া, ভিয়েটনাম, ইংলেণ্ড, আমেৰিকা আদিৰ লগতে ভাৰতৰ উপকূলীয় অঞ্চলত বসবাস কৰা লোকৰ ছাল মিহি হয়, সহজে নজ্বলে। ঘন, ডাঠ, চিকুণ হোৱা দেখা যায়। এই কথাটো অকল ময়ে নহয় আৰু বহুতে লক্ষ্য কৰিছে। এই কথাৰ আলম লৈ অধ্যয়ন কৰিছে। শৌধপত্ৰ অৰ্থাৎ research papers ওলাইছে শতাধিক। শৌধগংগা বা research papers বিচাৰিলে পাব।
Sea weed বা সাগৰীয় বৃক্ষ, sea food বা সাগৰীয় খাদ্য যেনে মাছ, কেঁকোৰা, শামুক, Squid ইত্যাদি খালেও বোলে সাগৰীয় বায়ু পানীৰ গুণ পায়। Seaweed contains anti-oxidants, iodine, tyrosine, vitamins, and minerals. It may support heart and gut health and improve your blood sugar balance.- Lee Rose Xiang , Nutritionist মতামত পোষণ কৰিছে। Seaweed সাগৰৰ পাথৰ থকা ঠাইত পোৱা যায়। Korea, China, Japanৰ লোকে বিভিন্ন ধৰণে ইয়াক খায়। Sushi, Souffle, soup, gravy ,smootie, eatables আদি তৈয়াৰ কৰি বৰ তৃপ্তিৰে খায়। দেখিছেনে তেওঁলোকৰ ছাল-চুলি? কি ধুনীয়া !!! ৭২ বছৰীয়া নে ৪০ বছৰীয়া, ধৰিবকে নোৱাৰি।
পিছে আমাৰ খাৰ- টেঙা খোৱা জিভাখনে এইবোৰ খাই টেষ্ট নেপায়। এবাৰ মোক হংকঙত যাওঁতে এগৰাকী মহিলাই seaweed chips খাব দিলে। বৰ হেঁপাহেৰে মুখত Sea weed chips ভৰাই দিলোঁ। তাৰ পিছত কি কৰোঁ? না গিলিব পাৰোঁ , না চোবাব পাৰোঁ, না অকালি উলিয়াই পেলাব পাৰোঁ ।
বৰ হেঁপাহেৰে মুখত Sea weed chips ভৰাই দিলোঁ। তাৰ পিছত কি কৰোঁ? না গিলিব পাৰোঁ , না চোবাব পাৰোঁ, না অকালি ওলিয়াই পেলাব পাৰোঁ । কি অদ্ভূত টেষ্ট, যেন কেঁচা মাছ এডোখৰহে মুখত ভৰালোঁ। তাতে মহিলাগৰাকীয়ে এখনৰ পিছত এখনকৈ চিপছ খাই আছে মোক seaweedৰ গুণ গাই আছে। কিবা কৈ মুখ ঘূৰাই টিছু এখনত উলিয়াই পেলায়হে ৰক্ষা। নহ'লে বমিয়ে হ’লহেঁতেন। এয়া হৈছে মোৰ ব্যক্তিগত experience , বহুতে ভালো পাব পাৰে। মই কিন্তু জীৱনত Sea weed নেখাওঁ বুলি শপত খালোঁ।
সেইবাবেই Sea weedৰ therapy শিকিলোঁ। যাতে অইন নহ'লেও নিজৰ ছাল চুলি ধুনীয়া কৰি ৰাখিব পাৰোঁ। যিসকলে Sea weedৰ গুণ জানে তেওঁলোকেও মোৰ ছাল-চুলি দেখি কৰিব ললে। বৰ্তমান এই থেৰাপীৰ বাবে Vietnam, Hongkongৰ পৰা দুবিধ মান Sea weed অনাওঁ। তাৰে থেৰাপী কৰি নিজৰ লগতে আন কেবাগৰাকীৰ সুফল হোৱা দেখিছোঁ। সেইবাবেই Green Gold Serum Hair আৰু Growth Serum ত দিয়া হৈছে যাতে কম খৰচতে Sea weed ৰ উপকাৰ লাভ কৰে। ব্যৱহাৰ কৰি চব পাৰে।
(আজিৰ লেখাটো পঢ়ি কেনে পালে জনাবচোন, ভাল লাগে feedback পালে। অইন কোনো প্ৰশ্ন থাকিলেও ৯৪৩৫০৪৬৫১৬ ত হোৱাটছআপ কৰি জনাব পাৰে।)
Share This