ৰাশিফল চাই জানো আহক,দিনটো কোনোদৰে যাব

Jyoti Borah August 18, 2023

১৮ আগষ্ট,শুকুৰবাৰ
মেষঃ ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং নীলা। শৰীৰ প্ৰায় ভালেই। ব্যৱসায়- বাণিজ্যত নতুন সমস্যাই দেখা দিব পাৰে। ধৰ্মীয় কৰ্মত ৰাপ | বাঢ়িব। সংগীত আদি কলাত পাৰদৰ্শিতা।
বৃষঃ ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২,৬। শুভ ৰং ৰূপালী। আজি আপোনাৰ জায়া স্থানলৈ কম বেছি পৰিমাণে সকলো গ্ৰহৰ দৃষ্টি পৰিছে আৰু শুভদায়ক উভয়চৰী যোগ পাইছে। শুভ সংযোগ লাভ। নিজৰ প্ৰচেষ্টাৰে আগবঢ়া কামত সফল হ'ব।
মিথুনঃ ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্ৰহ বুধ, ৰবি। শুভ সংখ্যা ১,৫। শুভ ৰং গুলপীয়া। স্বাস্থ্য মজলীয়া। কোনোৱে স্নায়ুৰ অসুখ বা বিষ-বেদনাদিত ভুগিব পাৰে। প্ৰেম- প্রীতিত শুভ। লেখক-লেখিকা থকা কলা-সংস্কৃতিৰ প্ৰতি ৰাপ থকাসকলৰ বাবে সুখ্যাতি।
কর্কটঃৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং বগা। সামাজিক কামত জড়িত থাকি ভাল পাব। ধর্মীয় কৰ্মত ৰাপ বাঢ়িব। ব্যৱসায়ত শুভ। আর্থিক উন্নতি। সকলোৰে লগত সদ্ভাৱ-সম্প্ৰীতি বজাই ৰাখি চলিব পাৰিব।
সিংহঃ ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং নীলা ৷ আপোনাৰ ৰাশিত শুভদায়ক উভয়চৰী যোগ হোৱাত আৰু ৰাশিৰ কেন্দ্ৰত চাৰিটা গ্ৰহ থকাত দিনটো আন দিনাতকৈ কিছু উন্নত পাব। বিদ্যা-বুদ্ধিত ভালেই। 
কন্যাঃ ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্ৰহ বুধ, শনি। শুভ সংখ্যা ৫, ৭। শুভ ৰং সোণালী। ধৰ্মীয় পুৰোহিত, শিক্ষক শ্ৰেণী তথা সামাজিক কামত নেতৃত্ব লোৱা ব্যক্তিৰ বাবে অনুকূল। স্বাস্থ্য মজলীয়া। কোনোৱে সোঁচৰা ব্যাধিত ভুগিব পাৰে । 
তুলাঃ ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি । শুভ সংখ্যা ৬, ৭ । শুভ ৰং নীলা। স্বাস্থ্য প্ৰায় ভালেই। সংগীত আদি কলাত ধাউতি বাঢ়িব। অলপ যত্ন কৰিলেই বিদ্যার্থীয়ে সুনাম অৰ্জন কৰিব। ঘৰুৱা জীৱনত চকু ৰাখক । ৰাজহুৱা কামত মান-মর্যাদা পাব। ব্যৱসায়ত প্ৰচুৰ উন্নতি।
বৃশ্চিকঃ ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্ৰহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং বগা। স্বাস্থ্য ক্ষেত্ৰত বিশেষ আমনি নাপাব। আজি আপোনাৰ ৰাশিলৈ সকলো গ্ৰহৰ কম- বেছি পৰিমাণে দৃষ্টি পৰিছে আৰু শুভ দায়ক উভয়চৰী যোগ আৰু শুভ ভাবত মংগল দায়ক ষটশূন্য যোগ হৈছে। ধৰ্ম-কৰ্ম দাম্পত্য সকলো ক্ষেত্ৰতে আন দিনাতকৈ উন্নত পাব।
ধনুঃ ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্ৰ। শুভ সংখ্যা ২, ৩। শুভ ৰং নীলা। দিনটো ভালেই যাব। ধর্মীয় কৰ্মত মনোযোগ। শিল্পী-সাহিত্যিকৰ বাবে উন্নত দিন। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা । খৰচ বৃদ্ধি।
মকৰঃ ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্ৰহ মঙল, শনি। শুভ সংখ্যা ৭, ৯ । শুভ ৰং ৰঙা। স্বাস্থ্য প্ৰায় ভালেই। সামাজিক মান-মর্যাদা অক্ষুণ্ণ থাকিব। উপৰুৱা চিন্তাই বিদ্যাৰ্থীৰ একাগ্ৰতাত বাধা দিব। অবাঞ্ছিত খৰচ ।
কুম্ভঃ ৰাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং মাখন। সকলোৰে লগত মিলি জুলি দিনটো ভাল ধৰণেই পাৰ হ'ব। আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰ আগমন বুজায়। পাৰিবাৰিক জীৱন সুখৰেই। বিয়া- বাৰুৰ কথাত সুফল পাব।
মীনঃৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২,৩। শুভ ৰং মুগা । প্ৰৱাসত থকা সন্তানক লৈ চিন্তিত বুজায়। আর্থিক সমস্যাই মাজে মাজে আমনি দিব। পাৰিবাৰিক জীৱন খুব উন্নত নাপাব। ৰাজহুৱা কামত ব্যস্ত থাকিব লগা হ'ব।

Share This