ডিজিটেল ডেস্ক: মধ্যপ্ৰচ্যৰ যুদ্ধ আৰু বিধানসভা নিৰ্বাচনৰ পাছতেই প্রতিবিধ সামগ্ৰীৰে অভাৱনীয়ভাৱে দাম বৃদ্ধি পোৱাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত সমগ্র বিষয়টো গুৰুত্বসহকাৰে লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি অস্বাভাৱিক দাম বৃদ্ধি ৰোধ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। দিছপুৰত আয়োজিত এখন পর্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কাৰণত কোনবোৰ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে সেই সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰাৰ পাছতেই জিলা আয়ুক্তৰ নেতৃত্বত ৩-৪ দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠক আহ্বান কৰাৰ নিৰ্দেশ দিয়ে।
আনহাতে, এতিয়াৰে পৰাই সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা তথা পাইকাৰী দাম প্ৰদৰ্শন কৰি ৰখাটো বাধ্যতামূলক হ'ব। একেদৰে অস্বাভাৱিক দামত সামগ্রী বিক্ৰী কৰা বিপণীৰ বিৰুদ্ধে বাণিজ্যিক অনুজ্ঞা-পত্র বাতিলকে ধৰি কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ নিৰ্দেশ দি মুখ্যমন্ত্রী ড° শৰ্মাই জিলা আয়ুক্ত, চেম্বাৰ আৰু বাণিজ্যিক সংস্থাসমূহৰ মাজত সাপ্তাহিক পর্যালোচনা বৈঠক অনুষ্ঠিত কৰিবলৈকো কয়।
অস্বাভাৱিক দামবৃদ্ধি ধৰা পেলোৱা আৰু প্ৰতিৰোধৰ বাবে চৰজমিন নিৰীক্ষণ তীব্ৰ কৰিবলৈ নিৰ্দেশ দি ড° শর্মাই লগতে এল পি জি চিলিণ্ডাৰৰ বিতৰণত থকা আসোঁৱাহ দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্রুত আধাৰ সংযোজনত গুৰুত্ব দিয়ে।
বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কালি এই গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছিল বুলি জনাই কয়, 'ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিৰীক্ষণ ব্যৱস্থাৰ আজি পর্যালোচনা কৰোঁ। বজাৰৰ সন্তলন ব্যৱস্থা অব্যাহত ৰখা আৰু যিকোনো অস্বাভাৱিক দাম বৃদ্ধি ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।' আনহাতে, আমি সদায় ৰাইজৰ সমস্যা সমাধানত গুৰুত্ব প্রদান কৰি আহিছোঁ বুলি জনাই তেওঁ স্পষ্ট ভাৱে কয় যে চৰকাৰে অগ্ৰাধিকাৰ ভিত্তিত এই সমস্যা সমাধান কৰিব।
মনকৰিব লগীয়া কথা যে শেহতীয়াকৈ নিত্য ব্যৱহাৰ্য সামগ্রীকে ধৰি প্ৰতিবিধ সামগ্ৰীৰে দাম বৃদ্ধি পাইছে। কালিৰে পৰা কণী আৰু ব্ৰেডৰো দাম বৃদ্ধি পাইছে। আকাৰ আৰু ব্ৰেণ্ডৰ ওপৰত নিৰ্ভৰ কৰি ৩ টকাৰ পৰা ৫ টকাৰ ভিতৰত বৃদ্ধি পাইছে ব্ৰেডৰ দাম। সংশোধিত হাৰ অনুসৰি পূৰ্বে ৩৫ টকাৰ ব্ৰেডৰ দাম এতিয়া ৪০ টকা হ'ব, আনহাতে ৪০ টকাত বিক্ৰী হোৱা ব্ৰেডৰ দাম ৪৫ টকালৈ বৃদ্ধি পাইছে। একেদৰে কণীৰ প্লেটৰ দাম ১০ টকা বৃদ্ধি পাই ২০০ টকাৰ পৰা ২১০ টকা হৈছে। গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ লগতে শাক-পাচলি আৰু বিস্কুটৰ মূল্যও যোৱা কিছুদিনত বৃদ্ধি পাইছে। ইতিমধ্যে চাউল প্রতি কিল'গ্ৰামত ৫ টকাৰ পৰা ১০ টকা, সৰিয়হৰ তেল প্রতি লিটাৰত ১০ টকা, মছুৰ দাইল প্রতি কিল'গ্রামত প্রায় ১০ টকা, পিঁয়াজৰ দামো প্রতি কিল'গ্রামত ১০ টকা পর্যন্ত বৃদ্ধি পাইছে। এনে পৰিস্থিতিত কালি মুখ্যমন্ত্রী ড° শর্মাই পৰ্যালোচনা বৈঠকৰ আয়োজন কৰাৰ পাছত সামগ্ৰীৰ দাম হ্রাস পাব নে নাপয় সেয়াহে হ'ব লক্ষণীয়।