বংগৰ ভাবী মুখ্যমন্ত্ৰীৰ প্ৰয়াত পি এ চন্দ্ৰনাথৰ জীৱন কাহিনী

dainik janambhumi May 08, 2026

ডিজিটেল ডেস্ক : পশ্চিম বংগৰ মুখ্যমন্ত্রী পদৰ দাবীদাৰ, শীর্ষ বিজেপিৰ নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক (পি এ) চন্দ্রনাথ ৰথৰ হত্যাই জোকাৰিছে ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰ ৰাজনীতি। বুধবাৰে নিশা দক্ষিণ ২৪ পৰগনা জিলাত অচিনাক্ত দুর্বৃত্তই গুলীয়াই হত্যা কৰা ৰথ আছিল অধিকাৰীৰ অতি ঘনিষ্ঠসকলৰ ভিতৰত এজন। ৪১ বছৰীয়া প্ৰয়াত ৰথৰ জীৱন পৰিক্ৰমাও আকৌ ব্যতিক্রম আছিল। 

সাধাৰণতেই মৃদুভাষী আৰু জনসমাগমৰ পৰা দূৰত্ব বজাই ৰখা ৰথে ৰাজনৈতিক ক্ষেত্ৰত ভৰি দিয়াৰ আগতে ভাৰতীয় বায়ু সেনাৰ লগতো জড়িত আছিল। ৰাহাৰ ৰামকৃষ্ণ মিছনৰ পৰা শিক্ষা সমাপ্ত কৰাৰ পাছতে তেওঁ ভাৰতীয় বায়ু সেনাৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰে। প্ৰায় ২০ বছৰ বায়ু সেনাৰ হৈ দেশৰ সেৱা কৰাৰ পাছতে তেওঁ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে। তাৰ পাছত কৰ্প'ৰেট খণ্ডত কিছুদিন জড়িত হৈ থকাৰ পাছত ২০১৮ চনত ৰাজনৈতিক ক্ষেত্ৰখনৰে জড়িত হৈ পৰে। 

তেওঁ পূৰ্বৰ তৃণমূল কংগ্ৰেছৰ নেতা তথা বৰ্তমানৰ বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ অতি বিশ্বস্ত হৈ পৰিছিল। ৰথৰ জন্মস্থান পূর্ব মেদিনীপুৰৰ চণ্ডীপুৰৰ পৰাই আকৌ শুভেন্দু অধিকাৰীৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল। শিক্ষা জীৱনত ৰথে ৰামকৃষ্ণ মিছনৰ প্ৰতি আকর্ষিত হৈ আধ্যাত্মিক জীৱনধাৰা বাছি লোৱাৰো চিন্তা কৰিছিল। উল্লেখযোগ্য যে চন্দ্রনাথ ৰথৰ পূৰ্বেও যোৱা ১৩ বছৰত শুভেন্দু অধিকাৰীৰ তিনিজন পি এৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হৈছে।

Share This