খাদ্য সামগ্ৰীৰ গাড়ীত নগালেণ্ডলৈ সুৰা

dainik janambhumi April 30, 2026

ডিজিটেল ডেস্ক : নিজস্ব সম্পদৰ ভিত্তিত অর্থনৈতিক উন্নয়নৰ পৰিকল্পনা নথকা অসমৰ দৰে আৰ্থিকভাৱে দুৰ্বল ৰাজ্যখন চলাবৰ বাবে ৰাজ্য চৰকাৰে প্ৰত্যেক মাহতেই শশ কোটি টকাৰ ঋণ ল'বলগীয়া হৈছে। পৰিণতিত ইয়াৰ বিৰূপ প্রভাৱত মূল্য বৃদ্ধিয়ে কোঙা কৰা ৰাজ্যবাসীৰ বিশেষকৈ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত বহু পৰিয়ালৰ স্বাভাৱিক জীৱন নিৰ্বাহ অতিশয় কষ্টকৰ হৈ পৰিছে। কিন্তু এনে সময়তে একাংশ মুনাফালোভী ব্যৱসায়ীয়ে বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰে ব্যৱসায় চলাই থকাৰ ফলত ৰাজকোষত জমা দিবলগীয়া কৰ জমা নিদিয়াৰ নিত্য নতুন ঘটনাও পোহৰলৈ আহিছে। আনকি ব্যৱসায়ীয়ে যাতে কৰ ফাঁকি দিবলৈ সুবিধা নাপায় সেই দিশত তদাৰকৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ বিভাগৰ লগতে জি এছ টিৰ বাবেও সুকীয়াকৈ বিভাগক দায়িত্ব দি থকাৰ পাছতো অসমৰ ভিন্ন জিলাত একাংশ ব্যৱসায়ীয়ে কৰ ফাঁকিৰে ব্যৱসায় চলাই থকাৰ ন ন তথ্য ফাদিল হৈ আছে। 

শেহতীয়াকৈ যোৰহাটত কালি পুৱাবেলা প্রয়োজনীয় নথি-পত্র অবিহনেই গুটখা কঢ়িয়াই অনা এখন ট্রাক জব্দ হ'ব লগা হোৱা ঘটনাই কৰ ফাঁকিৰে এতিয়াও বহু ব্যৱসায়ীয়ে কেনেদৰে ব্যৱসায় চলাই থাকিবলৈ সুবিধা পাইছে সিহে ৰহস্যজনক বিষয় হৈ পৰিছে। আৰক্ষীৰ সূত্ৰে জনা মতে, ৰাধেশ্যাম ৰাথী আৰু গোবিন্দ ৰাথী পৰিচালনাধীন যোৰহাট নগৰৰ চেম্বাৰ ৰ'ডৰ ৰাথী ট্রেডিং কোম্পানী নামৰ প্ৰতিষ্ঠানটোলৈ গুৱাহাটীৰ পৰা 'এক্স গ'ল্ড' নামৰ গুটখা কঢ়িয়াই অনা ট্রাকখনে ৩৫টা বেগ শনি মন্দিৰৰ কাষৰ প্রতিষ্ঠানটোৰ গুদামত নমোৱাৰ পাছত গাড়ীখনত থকা আন ১৫টা বেগ অন্য স্থানত নমাবলৈ গৈছিল। তেনে সময়তে এটা সংগঠনৰ সদস্যই সন্দেহৱশতঃ ট্রাকখনৰ চালকক সোধাপোছা কৰাত কোনোধৰণৰ যাৱতীয় নথি-পত্ৰ অবিহনেই যে গুৱাহাটীৰ পৰা গুটখাখিনি‌ যোৰহাটলৈ অনা হৈছিল সেই কথা পোহৰলৈ আহে। ইতিমধ্যে বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ কৰাত আৰক্ষীয়ে চালকসহ ট্রাকখন জব্দ কৰি অনুসন্ধান আৰম্ভ কৰিছে। ইফালে যাৱতীয় নথি-পত্ৰ অবিহনেই কৰ ফাঁকিৰে গুৱাহাটীৰ পৰা গুটখা কঢ়িয়াই অনা ট্রাকখন তিনি চাৰিখন জিলা পাৰ হৈ কেনেদৰে যোৰহাট পালেহি সিও আন এক ৰহস্যজনক বিষয় হৈ পৰিছে। যোৰহাটত কালি কৰ ফাঁকিৰে গুটখা কঢ়িয়াই অনা এখন ট্রাক আকস্মিকভাৱে ধৰা পৰাৰ পাছতে যোৰহাটক কেন্দ্ৰ কৰি চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ সৈতে সুৰাৰ কেনেদৰে আন এক বৃহৎ চোৰাং ব্যৱসায় চলি আহিছে সেই কথাও আনকি আৰক্ষীৰ এক সূত্ৰই অকপটে স্বীকাৰ কৰিছে। বিশেষকৈ যোৰহাটৰ পৰা নগালেণ্ডৰ বিভিন্ন জিলালৈ খাদ্য সামগ্রী, গৃহ নির্মাণ সামগ্রী আদি কঢ়িয়াই নিয়া ট্রাকসমূহত সংশ্লিষ্ট সামগ্ৰীৰ তলত অতিশয় কৌশলেৰে যোৰহাট নগৰৰ নিৰ্দিষ্ট দুখনমান সুৰাৰ দোকান আৰু ভোগদৈ অঞ্চলৰ নিৰ্দিষ্ট এখন সুৰাৰ দোকানৰ পৰা সুৰা নিষিদ্ধৰূপে ঘোষণা কৰা নগালেণ্ডলৈ সুৰাৰ যোগান অব্যাহত আছে। 

এনেদৰেই এতিয়া অসম আৰক্ষী, কৰ বিভাগ আৰু জি এছ টিৰ বাবে কর্তৃত্বপ্রাপ্ত সংশ্লিষ্ট বিভাগৰ অমনোযোগিতাই হওক কিম্বা একাংশ ব্যৱসায়ীৰ সৈতে গোপন বুজাবুজিৰ বাবেই হওক কৰ ফাঁকিৰে বিভিন্ন সামগ্ৰীৰ ব্যৱসায় চলাই থাকিবলৈ সুবিধা পোৱাত সামগ্রিকভাৱে অসম চৰকাৰে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাবলগীয়া যে হৈছে সেই কথা যোৰহাটত আকস্মিকভাৱে গুটখা কঢ়িয়াই অনা ট্রাকখনেই স্পষ্ট কৰি দিছে।

Share This