অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে উত্থাপিত অনাস্থা প্রস্তাৱ লোকসভাত নাকচ

dainik janambhumi March 12, 2026

ডিজিটেল ডেস্ক: লোক সভাৰ অধ্যক্ষ ওম বিৰলাৰ অপসাৰণ বিচাৰি বিৰোধী দলে উত্থাপন কৰা অনাস্থা প্রস্তাৱ বুধবাৰে লোক সভাত মৌখিক ভোটত নাকচ হয়। মৌখিক ভোটৰ পাছতে লোক সভাৰ কাম-কাজ স্থগিত ৰখা হয়। আজি ১১ বজাত পুনৰ লোক সভাৰ কাম-কাজ আৰম্ভ হয়। 

সংসদত অধ্যক্ষগৰাকীয়ে নিৰপেক্ষভাৱে কাম-কাজ আগবঢ়াই নিয়াৰ নিশ্চিতি দিয়াত ব্যর্থ হৈছে বুলি অভিযোগ কৰি বিৰোধী দলবোৰে অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ উত্থাপন কৰিছিল। কিন্তু উত্তপ্ত যুক্তি-তৰ্কৰ মাজত চৰকাৰে এই অভিযোগ নাকচ কৰে। আজি লোক সভাত অধ্যক্ষ ওম বিৰলাই সংসদৰ কাম-কাজৰ সময়ত বিৰোধী দলৰ সদস্যৰ আচৰণ সন্দৰ্ভত এক বিবৃতিও দিব। 

বুধবাৰে সংসদত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে বিতৰ্কৰ প্ৰত্যুত্তৰত বিৰোধীক তীব্র সমালোচনা কৰে। শ্বাহে কয় যে লোক সভাৰ অধ্যক্ষই শাসক আৰু বিৰোধী দুয়োপক্ষকে প্রতিনিধিত্ব কৰি সদনৰ নিৰপেক্ষ অভিভাৱকৰূপে সেৱা আগবঢ়ায়। শ্বাহে কয় যে লোক সভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ ভাৰতীয় সংসদীয় ইতিহাসত অতি বিৰল। তেওঁ আৰু কয় যে বৰ্তমানৰ প্ৰস্তাৱৰ প্ৰায় চাৰি দশকৰ আগতেহে এনে প্রস্তাৱ উত্থাপন হৈছিল। তেওঁ আৰু কয় যে বিজেপিয়ে দীর্ঘ বছৰজুৰি বিৰোধীপক্ষত আছিল, কিন্তু কেতিয়াও অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ উত্থাপন কৰা নাই। তেওঁ কয়, 'সদন নিজৰ নিয়ম মতে চলিব, কোনো দলৰ নিয়মৰ দ্বাৰা নহয়।' তেওঁ আৰু কয়, 'সদন মেলা বা উৎসৱ নহয়। ইয়াত যি কোনোৱে নিয়ম মতে আগবাঢ়িব লাগিব। সদনৰ নিয়মে অনুমতি নিদিয়া ধৰণে কথা কোৱাৰ কাৰো অধিকাৰ নাই।' 

ইফালে, বিৰোধীয়ে কয় যে সংসদত ভিন্ন মতৰ বাবে ঠাইৰ সংকোচন ঘটাৰ কথাত উদ্বেগ প্রকাশ কৰিবলৈ বিৰোধীয়ে অনাস্থা প্রস্তাৱ উত্থাপন কৰিছে। আৰ জে ডিৰ সাংসদ অভয় কুমাৰ সিনহাই কয়, 'মই বৰ দুখেৰে ক'বলগীয়া হৈছে যে অধ্যক্ষই এতিয়া সদনৰ নিৰপেক্ষতাক প্রতিনিধিত্ব নকৰে, তেওঁ শাসক দলৰ অত্যাচাৰৰ প্ৰতীক হৈ পৰিছে। সদনে এনে ক'লা দিনো দেখিলে যেতিয়া একেদিনাই ১৪০জন সাংসদক নিলম্বন কৰা হ'ল।' তেওঁ আৰু কয় যে যেতিয়া বিৰোধীৰ সদস্যই সদনত ক'বলৈ চেষ্টা কৰে, অধ্যক্ষই প্রায়ে পুনঃ পুনঃ 'নহ'ব, নহ'ব' কয়। ইফালে, জে এম এমৰ সাংসদ বিজয় কুমাৰ হান্সডোকে কয়, 'যেতিয়া বিৰোধীয়ে কথা কয়, তেওঁলোকক বাধা দিয়া হয় আৰু ই এটা পৰম্পৰাত পৰিণত হৈছে। আন এটা পৰম্পৰা হৈছে সাংসদে কথা কওঁতে কেমেৰা অন্য দিশলৈ গতি কৰে।'

Share This