ডিজিটেল ডেস্ক: সংবিধান সংশোধন বিধেয়ক, ২০২৬কে (১৩১ সংখ্যক সংশোধন) ধৰি তিনিখন প্রধান বিধেয়কৰ বাবে ১৭ এপ্ৰিলৰ ৪ বজাত লোক সভাত ভোট গ্রহণ হ'ব। সদনত এই সময়সূচী ঘোষণা কৰি লোক সভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে উক্ত বিধেয়ক কেইখনৰ বিষয়ত ১৫-ৰ পৰা ১৮ ঘণ্টা আলোচনা হ'ব। তদুপৰি সকলো সদস্যই যাতে বক্তব্য আগ বঢ়াবলৈ যথেষ্ট সময় পায় তাৰ বাবে সময় বৃদ্ধি কৰাও হ'ব পাৰে।
উক্ত বিধেয়ক কেইখন হৈছে সংবিধান সংশোধন বিধেয়ক, সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক, ২০২৬ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল (সংশোধন) বিধেয়ক, ২০২৬। মহিলা সংৰক্ষণৰ কাৰ্যকৰীকৰণৰ বাবে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ সম্পৰ্কীয় সলনিৰ সুবিধাৰ বাবেই এই বিধেয়ক কেইখন উত্থাপন কৰা হৈছে। বিৰোধীসকলে মৌখিক ভোট বাদ দি আনুষ্ঠানিক ভোটৰ দাবী জনোৱাৰ পাছত এই বিধেয়ক কেইখনৰ উত্থাপনৰ বিষয়টো লোক সভাত প্ৰস্তাৱ কৰা হয়। বিধেয়ক কেইখন দাখিলৰ প্ৰস্তাৱৰ সপক্ষে ২৫১ জনে আৰু বিৰুদ্ধে ১৮৫ জনে মৌখিক ভোট দিয়ে।
উল্লেখযোগ্য যে ১৬ এপ্ৰিলৰ পৰা ১৮ এপ্রিললৈ অনুষ্ঠিত হ'বলগীয়া সংসদৰ বিশেষ অধিৱেশনৰ লক্ষ্য হৈছে মহিলা সংৰক্ষণ আইন, 'নাৰী শক্তি বন্দন অধিনিয়ম'ৰ সংশোধনত অগ্রগতি লাভ কৰা। এই তিনিখন প্ৰস্তাৱিত বিধেয়কৰ উদ্দেশ্য হৈছে ভাৰতীয় নির্বাচনী ব্যৱস্থাত দুটা প্রধান গাঁথনিগত পৰিৱৰ্তন অনাৰ। প্ৰথমটো হৈছে লোক সভাৰ সদস্যৰ সংখ্যা বৰ্তমানৰ ৫৪৩ জনৰ পৰা ৮৫০ জনলৈ বৃদ্ধি কৰা। দ্বিতীয়টো হৈছে সংসদ তথা বিধানসভাত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণ কৰা। অৱশ্যে এই বিধেয়ক কেইখন উত্থাপনে ৰাজনৈতিক বিবাদৰ সৃষ্টি কৰিছে।