ডিজিটেল ডেস্কঃ ব্রিটেইনত দিনক দিনে বৃদ্ধি পোৱা অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে উলিওৱা বিশাল প্রতিবাদী সমদলে কঁপাই তুলিলে দেশখনৰ ৰাজধানী। লণ্ডনত শনিবাৰে হোৱা এই প্রতিবাদী শোভাযাত্রাত ডেৰ লাখ লোকে অংশগ্রহণ কৰে। অৱশ্যে শনিবাৰৰ প্ৰতিবাদ ব্রিটেইনত সর্ববৃহৎ নহয় বুলি কোৱা হৈছে। ইয়াৰ আগতে ২০২৩ চনৰ নৱেম্বৰত পেলেষ্টাইনৰ সমর্থনত হোৱা প্ৰতিবাদী সমাৱেশত প্রায় তিনি লাখ লোকে অংশগ্রহণ কৰিছিল।
অৱশ্যে কালিৰ প্ৰতিবাদ ব্রিটেইনত দক্ষিণ পন্থীয়ে আহ্বান জনোৱা সর্ববৃহৎ বিক্ষোভ প্রদর্শন বুলি কোৱা হৈছে। 'ইউনাইটেড দ্য কিংডম' শীর্ষক এই প্রতিবাদৰ আহ্বান জনাইছিল প্রব্রজন আৰু ইছলাম-বিৰোধী গোড়া দক্ষিণ পন্থী নেতা টমী ৰবিনছনে। প্ৰব্ৰজনকাৰী-বিৰোধী প্ৰতিবাদত টেছলাৰ স্বত্বাধিকাৰী তথা বিশ্বৰ আগশাৰীৰ উদ্যোগপতি ইলন মাস্কে ভিডিঅ'ৰ জৰিয়তে অংশগ্রহণ কৰে। দ্য ইণ্ডিপেণ্ডেণ্টে প্রকাশ কৰা অনুসৰি মাস্কে টমী ৰবিনছনৰ সৈতে বাৰ্তালাপ কৰে। মাস্কে কয়, 'হিংসা তোমাৰ কাষ চাপিছে। যুঁজ দিয়া অথবা মৃত্যুক আঁকোৱালি লোৱা।'
মাস্কে ব্রিটেইনৰ সংসদ ভংগৰ দাবী কৰে আৰু কয়, 'চৰকাৰ সলনি হোৱাৰ প্ৰয়োজন'। ইফালে, প্রতিবাদৰ সময়ত ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰ্মাৰে ফুটবল খেল চাই আছিল। লণ্ডনত প্রতিবাদৰ সময়ত হিংসাত্মক ঘটনা ঘটি থকাৰ মাজতে ষ্টাৰ্মাৰে তেওঁৰ পুত্ৰৰ সৈতে মহানগৰখনৰ এমিৰেটাছ ষ্টেডিয়ামত ফুটবল খেল চোৱাত ব্যস্ত আছিল। লণ্ডন পুলিচে প্রকাশ কৰা মতে, প্রতিবাদত ১.১ লাখৰ পৰা ডেৰ লাখ লোকে অংশগ্রহণ কৰে। প্ৰতিবাদকাৰীৰ সংখ্যা পূৰ্বতে কৰা অনুমানতকৈ বহুত বেছি আছিল বুলি পুলিচে কয়।
ইফালে, ইউনাইটেড দ্য কিংডমৰ বিৰোধিতা কৰি ষ্টেণ্ড আপ টু ৰেচিজিমৰ দ্বাৰা আহ্বান জনোৱা 'মার্চ এগেইনষ্ট ফেচিজম'ত প্রায় পাঁচ হাজাৰ লোকে অংশগ্রহণ কৰে। লণ্ডন পুলিচে প্রকাশ কৰা মতে, প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাত ২৬জন বিষয়া আহত হয় আৰু ২৫জন লোকক গ্ৰেপ্তাৰ কৰা হয়। পুলিচৰ এজন বিষয়াই কয় যে পুলিচক কৰা আক্ৰমণ কোনো মতে গ্রহণযোগ্য নহয়। তেওঁ কয় যে হিংসাত্মক ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে আৰু উপদ্ৰৱত চামিল লোকক চিনাক্ত কৰাৰ কাম কৰি থকা হৈছে। লণ্ডনৰ মেয়ৰ ছাদিক খানে কয় যে হিংসা আৰু আৰক্ষী বিষয়াক আক্ৰমণ কৰাটো সম্পূৰ্ণৰূপে অগ্রহণযোগ্য।
ইউনাইটেড কিংডম আৰু ইংলেণ্ডৰ পতাকা জোকাৰি প্ৰতিবাদকাৰীসকল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু চৰকাৰী বিভাগ থকা হোৱাইটহলৰ দিশে আগবাঢ়ে। একাংশ প্রতিবাদকাৰীয়ে আমেৰিকা আৰু ইজৰাইলৰ পতাকা তথা কেইদিনমানৰ আগতে হত্যা কৰা আমেৰিকাৰ ৰাজনীতিক চাৰ্লী কৰ্কৰ ফটোও প্রদর্শন কৰে। প্রতিবাদকাৰীসকলে প্রধানমন্ত্রী ষ্টাৰ্মাৰক সমালোচনা কৰাৰ লগতে প্ৰব্ৰজনকাৰী-বিৰোধী শ্ল'গান দিয়ে। একাংশ প্রতিবাদকাৰীয়ে 'ছেণ্ড ডেম হ'ম' (তেওঁলোকক ঘৰলৈ প্ৰেৰণ কৰক) লিখা থকা প্লে' কার্ড হাতত লৈ আছিল। ইফালে ৰবিনছনে প্রতিবাদক ভাব প্ৰকাশৰ স্বাধীনতাৰ উৎসৱ বুলি অভিহিত কৰে। ৰবিনছনে প্ৰতিবাদকাৰীৰ আগত দিয়া ভাষণত কয় যে প্রব্রজনকাৰীসকলে আদালতত 'ব্রিটিছ জনতা অৰ্থাৎ এই ৰাষ্ট্ৰৰ নিৰ্মাতাসকল'তকৈ অধিক অধিকাৰ লাভ কৰিছে। দেশখনলৈ সৰু নাৱেৰে ইংলিছ চেনেল পাৰ হৈ কোনো ধৰণৰ অনুমতি নোলোৱাকৈ প্ৰব্ৰজনকাৰীয়ে ব্রিটেইনত অবৈধভাৱে প্ৰৱেশ কৰাক লৈ দেশখনত বিতৰ্ক চলি থকাৰ সময়তে এই প্রতিবাদৰ আয়োজন কৰা হয়। তেওঁলোকে দেশখনত থকা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ দাবী জনায়। চলিত বছৰত ২৮ হাজাৰতকৈ অধিক লোকে অবৈধভাৱে ইংলিছ চেনেল পাৰ হৈ ইংলেণ্ডত প্ৰৱেশ কৰে। দেশখনৰ মুঠ জনসংখ্যাৰ ১৬% প্ৰব্ৰজনকাৰী। উল্লেখযোগ্য যে ৰবিনছনৰ প্ৰকৃত নাম হ'ল ষ্টিফেন য়াক্সলী-লেন। তেওঁ নিজকে চৰকাৰী দুর্নীতি ফাদিল কৰা সাংবাদিক বুলি পৰিচয় দিয়ে আৰু আমেৰিকাৰ উদ্যোগপতি ইলন মাস্ক তেওঁৰ সমৰ্থক বুলি দাবী কৰে। ৰবিনছন ইতিমধ্যে বন্ধ হৈ পৰা সংগঠন প্ৰব্ৰজন-বিৰোধী ইংলিছ ডিফেন্স লীগৰ প্ৰতিষ্ঠাপক।
ছিৰিয়াৰ শৰণাৰ্থীৰ প্ৰসংগত মিছা অভিযোগ দোহৰাৰ বাবে তেওঁক আদালত অৱমাননাৰ অভিযোগত কাৰাদণ্ড বিহা হৈছিল আৰু চলিত বছৰৰ আৰম্ভণিতে কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল।