ৰাশিফল চাই জানো আহক দিনটো কেনেদৰে যাব

Jyoti Borah August 21, 2023

২১আগষ্ট, সোমবাৰ
মেষঃ আর্থিক উন্নতিৰ যোগ।আপোনাৰ উন্নতিত বিপৰীত লিংগৰ প্রভাৱ দেখায়। ব্যৱসায়ত শুভ। বহুদিনৰ পৰা ভুগি থকা সমস্যা সমাধান হ'ব পাৰে। শুভ কাৰক গ্ৰহ মণ্ডল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং মাখন। 
বৃষঃ পাৰিবাৰিক জীৱন আনদিনাতকৈ উন্নত। বিদ্যা-বুদ্ধিত ভালেই। কৰ্মত প্ৰেৰণা পাব। ধৰ্মত মতি । পাণ্ডিত্য প্ৰতিভাৰ প্ৰকাশ পাব। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২,৬। শুভ ৰং বগা। 
মিথুনঃ কলা-সংস্কৃতিৰ প্ৰতি ধাউতি বাঢ়িব। কোনোৱে মাংগলিক কৰ্মৰ যো-জা কৰিব পাৰে। সম্ভবস্থলত ভ্ৰমণৰ যো-জা । আর্থিকত শুভ। সামাজিক কামৰ মাজেদি সমাজত সমাদৰ পাব।শুভ কাৰক গ্ৰহ বুধ, ৰবি । শুভ সংখ্যা ১, ৫। শুভ ৰং ৰূপালী। 
কর্কটঃ শাৰীৰিক দিশত আমনি কম। দাম্পত্যতো সেই একেই। অলপ যত্ন ল'লে বিদ্যার্থীয়ে খুব ভাল ফল দেখুৱাব পাৰিব। যি কামতেই হাত দিয়ক সফল হোৱাৰ লগতে জনপ্ৰিয় হ'ব। আৰ্থিক উন্নতিৰ যোগ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্ৰ। শুভ সংখ্যা ২, ৩। শুভ ৰং সেউজীয়া । 
সিংহঃ  পিছবেলাৰ পৰা কিবা এটা পৰিৱৰ্তন অনুভৱ কৰিব। নতুন কিবা কৰা বা লোৱাৰ বাবে চিন্তা আহিব। আধ্যাত্মিক ভাব বৃদ্ধি পাব। আপোনাৰ ৰাশ্যাধিপতিলৈ শুক্র গ্রহ শনি-ৰাহুৰ পূৰ্ণ প্ৰভাৱ থকাত, বহুত বাধা-বিঘিনিৰ মাজেদিহে আগুৱাব পাৰিব, স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং কমলা। 
কন্যাঃ শৰীৰ প্ৰায় ভালেই। পাৰিবাৰিক জীৱনত দুই-এটা খুঁত খাত থাকিব। আনৰ হিত সাধি ভাল পাব। ভাতৃ বা ভাতৃ স্থানীয় ব্যক্তিৰ পৰা সহায়- সহযোগ পাব। শুভ কাৰক গ্রহ বুধ, শনি শুভ সংখ্যা ৫, ৭। শুভ ৰং গুলপীয়া। 
তুলাঃ টকা-পইচা যথেষ্ট আহিব। অৱশ্যে খৰচৰ মাত্ৰাও ঊর্ধ্বগতিত। ধনস্থানলৈ সকলো গ্ৰহৰ দৃষ্টি তথা আয় ঘৰত শুভদায়ক উভয়চৰী যোগ থকাত ধন- সম্পত্তি, মান-মর্যাদা বৃদ্ধি পাব । শুভ কাৰক গ্রহ শুক্র শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং কমলা। 
বৃশ্চিকঃ আপোনাৰ বাবে আজি অত্যন্ত শুভদায়ক ঘটশূন্য যোগৰ সৃষ্টি হোৱাত সকলো ক্ষেত্ৰতে সুফল পাব। ব্যবসায়ত প্ৰতিদ্বন্দ্বিতাৰ পৰা আমনি পালেও আর্থিক উন্নতি। ৰাজনীতিত জনপ্রিয়তা অর্জন। শুভ কাৰক গ্ৰহ মণ্ডল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং নীলা। 
ধনুঃ ব্যবসায়ত জড়িত যদি মনোযোগ দিয়ক, আর্থিক উন্নতি। আপোনাৰ আজি ৰাশিৰ ভাগ্যস্থানত শুভদায়ক বুধাদিত্য যোগ হৈছে। বিচক্ষণ বুদ্ধিৰে যিকোনো পৰিস্থিতি চম্ভালি ল'ব পাৰিব। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্ৰ। শুভ সংখ্যা ২,৩। শুভ ৰং বগা। 

মকৰঃ পিছবেলাৰ পৰা কৰ্মক্ষেত্ৰত কিছু পৰিবৰ্তন অনুভৱ কৰিব। সৎ বন্ধু লাভ। ধর্মত মতি। শিল্পী-সাহিত্যিকৰ বাবে মান-মর্যাদা বৃদ্ধি পাব।  শুভ কাৰক গ্ৰহ মণ্ডল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং বেঙুনীয়া । 

কুম্ভঃ  ঘৰত কোনো মাংগলিক কৰ্মৰ যো-জা হ'ব পাৰে। কৰ্মত প্ৰেৰণা পাব। খৰচৰ মাত্ৰা বাঢ়িব। শনিৰ অশুভ সাৰে সাত চলি আছে বাবে আশা কৰা মতে কামত সফল হোৱাত বাধা পাব। শুভ কাৰক গ্রহ শনি, শুক্র শুভ সংখ্যা ৬, ৭। শুভ ৰং হালধীয়া। 

মীনঃ  দিনটো প্ৰায় ভালেই যাব। স্বাস্থ্যও আনদিনাতকৈ উন্নত। দাম্পত্যত মধ্যম। ৰাজহুৱা কামত জড়িত যদি কামৰ বোজা বাঢ়িব। খৰচৰ বাট খৰালিৰ পথৰুৱা আলিৰ দৰে যেনি-তেনি। শুভ কাৰক গ্রহ শুক্র, বৃহস্পতি। শুভ সংখ্যা ৩, ৬। শুভ ৰং বগা। 

Share This