MENU

বক্সিঙত লাভলীনা-অংকুশিতাৰ স্বৰ্ণ জয়

Kakali Deka February 07, 2025

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্রীড়াত আজি অসমে বক্সিঙত দুটা সোণ জয় কৰাৰ লগতে মুঠ সাতটা পদক অৰ্জন কৰে। অসমে ক্রীড়া সমাৰোহখনত এতিয়ালৈকে মুঠ ৩১টা পদক অর্জন কৰে। আজি সকলোৰে দৃষ্টি নিবদ্ধ আছিল বক্সিঙত। ৰাষ্ট্ৰীয় ক্রীড়াৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে অসমৰ চাৰিগৰাকী বক্সাৰে ফাইনেলত প্ৰৱেশ কৰি স্বৰ্ণ জয়ৰ যুঁজত অৱতীৰ্ণ হৈছিল। প্রত্যাশিতভাৱে অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই আৰু জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৱে সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয়।

অৱশ্যে সোণ জয়ৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিলে দুবাৰৰ অলিম্পিয়ান শিৱ থাপা আৰু অভিনৱ শইকীয়াই। ছার্ভিছেজৰ বক্সাৰৰ হাতত পৰাস্ত হৈ ৰূপৰ পদকহে লাভ কৰে শিৱ-অভিনৱে। শিৱ থাপা ৪-৩ তথা অভিনৱ ৫-০ৰ ব্যৱধানত পৰাস্ত হয়। ৰাষ্ট্ৰীয় ক্রীড়াত ২০২২ৰ পৰাই অপৰাজেয় ধাৰা অব্যাহত ৰাখি আজি অংকুশিতাই সোণ জয়ৰ হেটত্ৰিক কৰে। তেওঁ গুজৰাট আৰু গোৱা ৰাষ্ট্ৰীয় ক্রীড়াতো সোণ জয় কৰিছিল। অংকুশিতাই আজি অনুষ্ঠিত মহিলাৰ ৬৬ কিল'গ্রাম শাখাৰ ফাইনেলত উত্তৰাখণ্ডৰ কাজলক ৫-০ত পৰাস্ত কৰে।

একেৰাহে তিনিখন ৰাষ্ট্ৰীয় ক্রীড়াত স্বর্ণ জয় কৰি হেটত্ৰিক লভা অংকুশিতা কমনৱেলথ গেমছৰ স্বর্ণজয়ী নয়নমণি শইকীয়াৰ পাছতে দ্বিতীয়গৰাকী অসমীয়া ক্রীড়াবিদ। এইবাৰো সোণ জয়ৰ আশা সজীৱ কৰি ৰখা নয়নমণিয়ে ২০১১ চনৰ ঝাৰখণ্ড ৰাষ্ট্ৰীয় ক্রীড়াৰ পৰা গোৱালৈকে একেৰাহে চাৰিখন ৰাষ্ট্ৰীয় ক্রীড়াত লন বলত সোণৰ পদক জয় কৰিছে। অংকুশিতাই একেৰাহে বাৰখন মেচত জয়ৰ ধাৰা অব্যাহত ৰাখি তৃতীয়খন ৰাষ্ট্ৰীয় ক্রীড়াত অভিযান সামৰিলে।

 

ইফালে, আন এগৰাকী অসম সন্তান তথা অলিম্পিকৰ পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে আজি ৰাজ্যখনৰ বাবে দ্বিতীয়টো সোণৰ পদক জয় কৰে। লাভলীনাই ৭৫ কিল'গ্রাম শাখাৰ ফাইনেলত চণ্ডীগড়ৰ প্ৰাঞ্চু ৰাথোৰক ৫-০ ব্যৱধানত পৰাস্ত কৰি সোণ জয়েৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে। এইবাৰৰ ৰাষ্ট্ৰীয় ক্রীড়াৰ বক্সিঙত অসমে দুটা সোণ, সমসংখ্যক ৰূপ তথা এটা ব্রঞ্জ জয়েৰে অভিযান সামৰে।

Share This