বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ

dainik janambhumi November 02, 2025

ডিজিটেল ডেস্ক : চহকী আৰু বৈচিত্র্য ৰন্ধন ইতিহাসৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ নাম অন্তর্ভুক্ত হৈছে ইউনেস্ক'ৰ 'সৃষ্টিশীল মহানগৰী' তালিকাত। ইউনেস্ক'ৰ সঞ্চালক প্রধান অ'ড্ৰে' আজোলে'য়ে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ (ইউনেস্ক') 'ক্রিয়েটিভ চিটীজ নেটৱৰ্ক'ত নতুনকৈ ৫৮খন মহানগৰৰ নাম অন্তর্ভুক্ত কৰে। ইয়াকে ধৰি এই তালিকাত এতিয়া ১০০খন দেশৰ ৪০৮ মহানগৰৰ নাম হ'ল। 

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ নাম অন্তর্ভুক্ত হৈছে 'গেষ্ট্ৰ'নমি' (ৰন্ধন প্ৰকৰণ) শাখাত। উল্লেখযোগ্য যে জনপ্রিয় ষ্ট্ৰীট ফুড 'চাট'ৰ পৰা অৱধী ৰন্ধন শৈলী আৰু সোৱাদ লগা মিঠাইলৈকে লক্ষ্ণৌ চহকী আৰু পৰম্পৰাগত সুস্বাদু খাদ্যৰ বাবে প্রখ্যাত। 

ইউনেস্ক'ৰ তালিকাত নতুনকৈ অন্তর্ভুক্ত কেইখনমান মহানগৰ হৈছে -সংগীতৰ বাবে কিছুমু (কেনিয়া) আৰু নিউ অ'ৰলীনছ, ডিজাইনৰ বাবে ৰিয়াধ (ছৌডি আৰব), গেষ্ট্ৰ'নমিৰ বাবে মাট'ছিনহ'ছ (পর্তুগাল) আৰু কুৱেনকা (ইকুৱেডৰ), চলচ্চিত্ৰৰ বাবে গিজা (ইজিপ্ট), স্থাপত্যৰ বাবে ৰ'ভেনিয়েমি (ফিনলেণ্ড), মিডিয়া আৰ্টছৰ বাবে মালাং (ইণ্ডোনেছিয়া) আৰু সাহিত্যৰ বাবে এবেৰিছটুইথ মহানগৰ (ব্রিটেইন, ইউ কে)।

Share This