মেগলেভ ৰে'লৰ বেগ, এক্সপ্ৰেছৱে' টানেল, চীনৰ বিশ্ব অভিলেখ ৰচনা

dainik janambhumi December 28, 2025

ডিজিটেল ডেস্ক: শেহতীয়াকৈ চীনে দুটা বিশ্ব অভিলেখ ৰচনা কৰিলে। ইয়াৰে এটা হৈছে মেগলেভ ৰে'লৰ বেগৰ ক্ষেত্ৰত আৰু আন দুটা হৈছে এক্সপ্ৰেছৱে'ৰ টানেলৰ ক্ষেত্রত। ছুপাৰকনডাক্টিং মেগলেভ (সর্বাধিক পৰিবাহী চুম্বক-উত্তোলিত) ৰে'লত শেহতীয়াকৈ কৰা এটা পৰীক্ষাই বেগৰ (স্পীড) ক্ষেত্ৰত এক নতুন বিশ্ব অভিলেখ স্থাপন কৰিলে। গৱেষকসকলে এই পৰীক্ষাত ৪০০ মিটাৰ ৰে'লপথত এক টন ওজনৰ এখন ৰে'লৰ বেগ ঘণ্টাত ৭০০ কিল'মিটাৰলৈ ত্বৰান্বিত কৰিলে। 

প্ৰকল্পৰ তথ্য মতে, উক্ত ৰে'লখনে মাত্র দুই ছেকেণ্ডত এই বেগ লাভ কৰে আৰু তাৰ পাছতে ৰে'লখন নিয়ন্ত্ৰণ কৰি ৰখোৱা হয়। উক্ত পৰীক্ষাৰ ভিডিঅ'ৰ পৰা দেখা গৈছে যে ৰূপালী ৰঙৰ তীব্রবেগে পোহৰৰ চমকনিৰ দৰে পাৰ হৈ গৈছে। পৰ্যবেক্ষকৰ প্ৰতিবেদন মতে উক্ত মেগলেভ (মেগনেটিক লেভিটেশ্যন) ৰে'লখন ইমান বেগেৰে আৱিৰ্ভাৱ হয় আৰু অন্তর্ধান হয় যে মানুহৰ চকুৱে ধৰিবই নোৱাৰে, যেন শক্তিশালী কল্পবিজ্ঞানৰ অনুভৱ। 

মেগলেভ প্ৰযুক্তিত ৰে'লখন ছিৰিৰ পৰা উত্তোলন কৰিবলৈ তথা সংযোগ নোহোৱাকৈ আগলৈ চলাবলৈ সর্বাধিক পৰিবাহী (ছুপাৰকনডাক্টিং) চুম্বক ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত চকাৰ সৈতে ছিৰিৰ ঘৰ্ষণ নাথাকে আৰু ত্বৰণ বা গতি বর্ধন (একচিলেৰেশ্যন) অতি বেছি হয়।

Share This