ডিজিটেল ডেস্ক : ভাৰতত টেছলাৰ প্ৰথমখন গাড়ীৰ মালিক হোৱাৰ গৌৰৱ অৰ্জন কৰিছে মহাৰাষ্ট্ৰৰ পৰিবহণ মন্ত্ৰী প্রতাপ সৰনায়কে। মুম্বাইৰ বান্দ্ৰাৰ কুৰলা কমপ্লেক্সত থকা টেছলাৰ শ্ব'ৰূমৰ পৰা শুকুৰবাৰে সৰনায়কে এই গাড়ীখন গ্ৰহণ কৰে।
যোৱা জুলাইত ভাৰতত আমেৰিকাৰ গাড়ী নির্মাতা টেছলাই প্রথমটো শ্ব'ৰূম আৰম্ভ কৰাৰ পাছদিনাই সৰনায়কে গাড়ীখন বুক কৰিছিল।
সৰনায়কে কয়, 'বৈদ্যুতিক গাড়ীৰ বিষয়ত নাগৰিকৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ মই টেছলাৰ গাড়ীখন কিনিলোঁ।' তেওঁ আৰু জনায় যে মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমে (এম এছ আৰ টি চি) ইতিমধ্যে ৰাজহুৱা পৰিবহণৰ বাবে ৫,০০০ ই-বাছ (বৈদ্যুতিক বাছ) ক্রয় কৰিছে আৰু ৰাজ্যখনত চার্জিং ষ্টেছন স্থাপন কৰিছে।