ডিজিটেল ডেস্ক : ওদালগুৰি জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে মেলেৰিয়া আক্ৰান্তৰ সংখ্যা। চলিত বৰ্ষৰ বৰ্তমানলৈ জিলাখনত মেলেৰিয়াত আক্রান্ত ৰোগীৰ সংখ্যা ৯১গৰাকীলৈ বৃদ্ধি পাইছে। কোনো আক্ৰান্তৰ মৃত্যু হোৱা নাই যদিও ইয়াৰে ৫গৰাকী আক্রান্ত ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়া তথ্য অনুসৰি, জিলাখনৰ দলনিবস্তিত সর্বাধিক ৫১গৰাকী লোক মেলেৰিয়াত আক্রান্ত হোৱাৰ বিপৰীতে বান্দৰগুৰিত ২০গৰাকী, মাজখুঁটিত ১০গৰাকী, ভৈৰৱকুণ্ডত পাঁচগৰাকী, পুঠিমাৰীত দুগৰাকী, কলাইগাঁও, ভোলাটাৰ আৰু হৰিশিঙাত এগৰাকীকৈ লোক মেলেৰিয়াত আক্রান্ত হৈছে।
আক্রান্তসকলৰ ভিতৰত ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা পাঁচগৰাকী ৰোগী ক্ৰমাৎ সুস্থ হ'বলৈ ধৰা বুলি জানিব পৰা গৈছে। বিগত চাৰি বছৰত এই আক্ৰান্তৰ হাৰ হৈছে ২০২২ চনত ১৫গৰাকী, ২০২৩ চনত ৩৪গৰাকী, ২০২৪ চনত ৮৩গৰাকী আৰু ২০২৫ চনত ১০৮গৰাকী। জিলাখনত চলিত বৰ্ষত আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাৰ পাছতেই এতিয়া তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ।
মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত স্বাস্থ্য বিভাগৰ লোকসকল গৈ মেলেৰিয়া নাশক দৰৱ ছটিওৱাৰ ব্যৱস্থা কৰিছে। আনফালে, জিলাখনৰ দলনিবক্তি অঞ্চলটো একপ্ৰকাৰ মেলেৰিয়া আক্ৰান্তৰ হটস্পট বুলিব পাৰি। প্ৰায় প্ৰতিটো বছৰতে উক্ত অঞ্চলটোৰ পৰা অধিক মেলেৰিয়াৰ আক্ৰান্ত হোৱাৰ খবৰ আহে। অঞ্চলসমূহলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে ৰাওনা হৈছে স্বাস্থ্য কৰ্মীৰ দল। কেইবাটাও আক্রান্ত অঞ্চলত স্বাস্থ্য পৰীক্ষা শিবিৰৰ ব্যৱস্থা কৰিছে জিলা স্বাস্থ্য বিভাগে। শীঘ্ৰে মেলেৰিয়াৰ আক্ৰান্তৰ সংখ্যা ৰোধ কৰিব নোৱাৰিলে জিলাখনত মেলেৰিয়াই সংহাৰী ৰূপ ধাৰণৰ সম্ভাৱনাই দেখা দিছে।