২৫ জুনৰ পৰা বন্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যান

dainik janambhumi May 18, 2026

ডিজিটেল ডেস্ক : অহা ২৫ জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ প্ৰৱেশদ্বাৰ। বন্ধ হ'ব জীপ ছাফাৰি, এলিফেন্ট ছাফাৰি, ৰিভাৰ ৰাফটিং আদি সকলো ধৰণৰ পৰ্যটন সম্পৰ্কীয় কার্যকলাপ। কেন্দ্রীয় পৰিৱেশ মন্ত্ৰ্যালয়, বন আৰু বতৰ পৰিৱৰ্তন মন্ত্ৰ্যালয়, ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীৰ নির্দেশনামর্মে সমাগত বাৰিষাৰ বাবে এই সিদ্ধান্ত গ্রহণ কৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই। 

ইতিমধ্যে এক জাননী যোগে এই কথা সদৰী কৰিছে মানাহ ব্যাঘ্র প্রকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° চি ৰমেশে। এই অনুসৰি মানাহৰ চেন্ট্রেল ৰেঞ্জ বাঁহবাৰীকে ধৰি ভূঞাপাৰা, পাণবাৰী, কুকলুং আদিও বন্ধ থাকিব পর্যটকৰ বাবে। 

পুনৰ পৰৱৰ্তী জাননী নিদিয়া পর্যন্ত বন্ধ থাকিব ৰাষ্ট্ৰীয় উদ্যানখনৰ প্রবেশদ্বাৰ। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২৪ ছেপ্টেম্বৰত পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল মানাহৰ প্ৰৱেশদ্বাৰ।

Share This