ৰাষ্ট্ৰীয় মঞ্চত উজলিল অসমৰ বাঁহ-বেতৰ শিল্পী

dainik janambhumi January 30, 2026

ডিজিটেল ডেস্ক : সপ্তাহজোৰা 'Craft Demonstration-cum-Sale' কাৰ্যসূচীত অসমক প্রতিনিধিত্ব কৰি নগাঁৱৰ মুকেশ শইকীয়াই ৰাজ্যৰ পৰম্পৰাগত বাঁহ-বেত শিল্পৰ নিপুণতা আৰু সৃষ্টিশীলতা ৰাষ্ট্ৰীয় মঞ্চত উপস্থাপন কৰে। নতুন দিল্লীৰ বসন্ত কুঞ্জত অনুষ্ঠিত এই কাৰ্যসূচী ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰ্যালয়ৰ অধীনস্থ হস্তশিল্প উন্নয়ন আয়ুক্ত বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছিল। বুধবাৰে সামৰণি পৰা অনুষ্ঠানটোৱে দেশজুৰি থকা শিল্পীসকলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ প্ৰতিভা প্রকাশ কৰাৰ সুযোগ দিয়াৰ লগতে
বিপণন আৰু বাণিজ্যিক সম্ভাৱনাৰ সুযোগ প্রদান কৰে। 

পূর্বেও ৰাষ্ট্ৰীয় মঞ্চত বহুবাৰ অসমৰ বাঁহ শিল্পক প্ৰদৰ্শন কৰি সুখ্যাতি লাভ কৰা মুকেশ শইকীয়াই ভাৰত চৰকাৰৰ প্ৰশিক্ষণৰ এগৰাকী প্রশিক্ষক হিচাপে সংবাদ মাধ্যমৰ আগত কয়, 'এই অনুষ্ঠানৰ জৰিয়তে অসমৰ বাঁহ-বেত শিল্পক ৰাষ্ট্ৰীয় পৰ্যায়ত প্রদর্শন কৰাৰ সুযোগ লাভ কৰি এক নতুন সম্ভাৱনাৰ পথ পাইছোঁ। 

তেওঁৰ সূক্ষ্ম কৌশল আৰু শিল্প দর্শনে উপস্থিত দেশ-বিদেশৰ অতিথি, শিল্পপ্রেমী আৰু‌ পৃষ্ঠপোষকসকলৰ সমাদৰ লাভ কৰে।

Share This