ডিজিটেল ডেস্ক : পৃথিৱীৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যিকোনো সময়তে তৃতীয় বিশ্ব যুদ্ধৰ আশংকাৰ সৃষ্টি হৈছে। তৃতীয় বিশ্ব যুদ্ধত যে পাৰমাণৱিক যুদ্ধৰ ৰূপ ল'ব সেইটো নিশ্চিত। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰ পৰাই বিশ্বৰ আটাইতকৈ ধনী লোকসকলে নিজকে বচাই ৰখাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। তেওঁলোকে পাৰমাণৱিক যুদ্ধ তথা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰি ৰখাৰ কাৰণে কোটি কোটি টকা ব্যয় কৰি অতি সুৰক্ষিত অত্যাধুনিক বিশাল আকাৰৰ বিলাসী বাংকাৰ নিৰ্মাণ কৰিবলৈ লৈছে। ইয়াত সুৰক্ষাৰ সকলো ব্যৱস্থাৰ লগতে থাকিব স্পা আৰু খোৱা-বোৱাৰ সুন্দৰ ব্যৱস্থা। ইয়াত খোৱাপানী, বিদ্যুৎ তথা চিকিৎসাৰ সুবিধাও আছে। আমেৰিকাৰ কোম্পানী ছেফে অলপতে এইবুলি ঘোষণা কৰিছে যে বিশ্বৰ বিভিন্ন মহানগৰত তেওঁলোকে এনেধৰণৰ এহেজাৰতকৈ অধিক বাংকাৰ নিৰ্মাণ কৰিব। ইয়াৰ নাম দিয়া হৈছে 'এৰি', অর্থাৎ ঈগলৰ বাহ।
মেটাৰ মুখ্য কার্যবাহী বিষয়া মার্ক জুকাৰবাৰ্গে ২৬২৫.৫৩ কোটি টকা ব্যয়েৰে হাৱাইত এনেধৰণৰ এটা বিশাল বাংকাৰ নিৰ্মাণ কৰোৱাৰ কথা ঘোষণা কৰিছে। এমাজনৰ প্রতিষ্ঠাপক জেফ বেজোছেও এনেধৰণৰ বাংকাৰ নিৰ্মাণৰ কথা ঘোষণা কৰে। অ'পেন এ আইৰ মুৰব্বী ছেম অল্টমেনৰ ভূগৰ্ভত এনেধৰণৰ এটা বিশাল তথা বিলাসী গোপন বাংকাৰ আছে বুলি কোৱা হৈছে। এই বাংকাৰটোক মাটিৰ তলৰ প্রাসাদ বুলি ক'ব পাৰি। বিশ্বত পাৰমাণৱিক বোমাৰ বিস্ফোৰণ হ'লে সাধাৰণ মানুহ জ্বলি-পুৰি মৰিব, কিন্তু বিশ্বৰ আটাইতকৈ ধনী লোকসকলে নিজৰ ভূগৰ্ভত থকা প্রাসাদোপম বাংকাৰত বিলাসী জীৱন কটাই থাকিব।
জুকাৰবার্গে হাৱাত ২, ৩ বর্গ কিল'মিটাৰ মাটিত দুটা প্রাসাদোপম অট্টালিকা নিৰ্মাণ কৰিছে। ইয়াত মাটিৰ তলত এটা বিশাল বাংকাৰ নিৰ্মাণ কৰি থকা হৈছে। এই বাংকাৰবোৰত সকলোধৰণৰ সুবিধা আছে, কিন্তু তেওঁলোকে ইয়াক বাংকাৰ বুলি ক'বলৈ নিবিচাৰে। বি বি চিৰ এখন প্ৰতিবেদনত প্রকাশ পোৱা মতে, এনেধৰণৰ বাংকাৰবোৰৰ নিৰ্মাণত হোৱা ব্যয় ইয়াৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। ১৮৫ বর্গমিটাৰৰ এটা বাংকাৰত ১৮ কোটি ডলাৰ ব্যয় হ'ব। ইয়াতকৈ অলপ ডাঙৰ বাংকাৰত ব্যয় ১৮০ কোটি ডলাৰতকৈ অধিক হ'ব।