ডিজিটেল ডেস্ক: বৰপেটা জিলাৰ চুকে-কোণে এতিয়া দেখাত অতি আকর্ষণীয় তথা হালধীয়া পকা আমেৰে বজাৰ ভৰি পৰিছে। কিন্তু এই আমৰ সৌন্দৰ্যৰ আঁৰত লুকাই আছে একো একোটা মাৰাত্মক বিষ।
প্ৰকৃতিৰ নিয়ম অনুসৰি বাকী থকাৰ সময়তে অসাধু আম পকিবলৈ এতিয়াও প্রায় দুই মাহ ব্যৱসায়ীয়ে অধিক মুনাফা লাভৰ লালসাত বজাৰত মেলি দিছে বিষাক্ত পকা আম। প্রাপ্ত তথ্য অনুসৰি, বৰপেটাৰোডৰ পাইকাৰী বজাৰৰ পৰাই এই বিষাক্ত ফলসমূহ সমগ্র জিলাখনৰ বিভিন্ন বজাৰত বিয়পি পৰিছে। বিশেষকৈ বৰপেটা চহৰ, মন্দিয়া, বাঘবৰ, জনতা, বালিকুৰি, মইনবৰী, কলগাছিয়া, বামুনটাৰী আৰু হাউলীৰ দৰে অঞ্চলৰ বজাৰত এতিয়া মুকলিকৈ ১৫০ টকাৰ পৰা ২৫০ টকা পর্যন্ত উচ্চ দৰত এই আম বিক্রী হৈ আছে। কেৱল আমেই নহয়, কল, অমিতা আৰু আনকি লিচুৰ ক্ষেত্ৰতো এনে অসাধু পন্থা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন হৈছে। চিন্তনীয় বিষয়টো হ'ল জনস্বাস্থ্যৰ প্ৰতি অহা এই ভয়াৱহ ভাবুকিক লৈ জিলা স্বাস্থ্য বিভাগ তথা খাদ্য সুৰক্ষা বিভাগ নির্লিপ্ত।
সচেতন ৰাইজে অভিযোগ কৰা মতে, বজাৰত বিষ বিয়পি থকাৰ পাছতো বিভাগীয় বিষয়া-কর্মচাৰীসকল যেন কুম্ভকৰ্ণৰ নিদ্ৰাতহে নিমজ্জিত হৈ আছে। নিয়ম অনুসৰি বজাৰৰ পৰা নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিব লাগে যদিও বাস্তৱ ক্ষেত্ৰত তেনে কোনো কাৰ্যসূচী আজিলৈকে পৰিলক্ষিত হোৱা নাই। বিভাগৰ এই নির্লিপ্ত ভূমিকাই অসাধু ব্যবসায়ী চক্রক অধিক উৎসাহিত কৰি তোলা বুলি সৰ্বত্ৰ চর্চা চলিছে।
উল্লেখযোগ্য যে বজাৰত উপলব্ধ এই উজ্জ্বল হালধীয়া আমবোৰৰ সোৱাদ কিন্তু প্রাকৃতিক আমৰ দৰে নহয়। তথাপি সাধাৰণ গ্রাহকক প্রলোভিত কৰি অসাধু চক্ৰই নিজৰ জেপ ভৰাইছে। এতিয়া প্রশ্ন হ'ল-ৰাইজৰ জীৱনক লৈ হেতালি খেলা এইব্যৱসায়ীসকলৰ বিৰুদ্ধে চৰকাৰে কেতিয়া ব্যৱস্থা ল'ব? নে কিবা ডাঙৰ অঘটন ঘটাৰ পাছতহে সাৰ পাব বিভাগীয় কর্তৃপক্ষ? বৰপেটাৰ সচেতন মহলে জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগক এই বিষয়ত শীঘ্রে হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে।