ডিজিটেল ডেস্ক : মৰ্মিতা বুলি ক’লে হয়তো বৰ্তমান সময়ত চিনি নোপোৱা মানুহ অসমত নোলাব। জুবিন গাৰ্গৰ একান্ত অনুৰাগী মৰ্মিতাই প্ৰতিখন অনুষ্ঠানতে জুবিনৰ গানেৰে মন্ত্ৰমুগ্ধ কৰিছে অসমৰ শ্ৰোতা-দৰ্শকক। তেনে সময়তে আহি পালে অসমৰ বাপতিসাহোন ৰঙালী বিহু।
হেঁপাহৰ ৰঙালী বিহুটিলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। চৌদিশে এতিয়া কেৱল ৰঙালী আদৰাৰ প্ৰস্তুতি। এতিয়া অসমৰ চুকে-কোণে জনপ্ৰিয়তা বাঢ়িছে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ।অসমৰ ৰাইজেও আঁকোৱালি লৈছে পশ্চিম বংগৰ কন্যা তথা অসমৰ বোৱাৰী মৰ্মিতাক। আগন্তুক ৰঙালী বিহুৰ অনুষ্ঠানৰ বাবে এতিয়া মৰ্মিতাৰ ওচৰত ভিৰ কৰিছে বিহু কমিটীৰ সদস্যসকল।
প্ৰথমবাৰ বাবে বিহু মঞ্চত সংগীত পৰিৱেশন কৰিবৰ বাবে পূৰ্ণোদ্যমেৰে সাজু কণ্ঠশিল্পীগৰাকী। কণ্ঠশিল্পী গৰাকীৰ অনুষ্ঠান পৰিৱেশনৰ বাবে অতি আগ্ৰহেৰে ৰৈ আছে অনুৰাগীসকল। আনহাতে এইবাৰ কিমানখন বিহু মঞ্চত গীত পৰিৱেশন কৰিব তাৰ তালিকাও সামাজিক মাধ্যম যোগে প্ৰকাশ কৰে মৰ্মিতাই।