ডিজিটেল ডেস্কঃ অৱশেষত বিবাহপাশত আবদ্ধ হʼল ‘বেহাৰবাৰী আউট পোষ্ট’ৰ মোহন। হোমৰ জুইক সাক্ষী কৰি নগাঁৱৰ ডিফলু গাঁৱৰ বিদিশা ভূঞাৰ লগত যুগ্ম জীৱনৰ পাতনি মেলিলে ‘মোহন’ চৰিত্ৰৰে জনপ্ৰিয় দ্বীপজ্যোতি কেওটে
দীপজ্যোতি কেওট আৰু বিদিশা ভূঞাৰ শনিবাৰে অনুষ্ঠিত হয় বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান।
সামাজিক মাধ্যমতো মোহনৰ বিয়াক লৈ ব্যাপক চৰ্চা । ৰাজ্যৰ মন্ত্ৰী-বিধায়ককে ধৰি বিভিন্ন অভিনেতা-অভিনেত্ৰীসকলে ভিৰ কৰিছে মোহনৰ বিয়াত। সকলোৱে মোহনক জনাইছে যুগ্ম জীৱনৰ আশীৰ্বাদ।
তাৰ মাজতে 'বেহাৰবাৰী আউট পোষ্ট' ধাৰাবাহিকখনৰ জনপ্ৰিয় হোৱা এটি চৰিত্ৰ হʼল কে কে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা। আপুনি জানি আচৰিত হ'ব যে দ্বীপজ্যোতি কেওটক সিদ্ধাৰ্থ শৰ্মাই দিলে এক বিশেষ উপহাৰ। সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ত দ্বীপজ্যোতিয়ে সকলোকে দেখুৱাইছে সিদ্ধাৰ্থ শৰ্মাই দিয়া উপহাৰটো।
হয়তো আপোনাৰ মনলৈও আহিছে বেহাৰবাৰীৰ ধাৰাবাহিকখনৰ কে কেই কি উপহাৰ দিলে মোহনক? কে কে-মোহনৰ যুটিয়ে অসমৰ প্ৰতিগৰাকী লোকৰ মনত সাঁচ বহুৱাইছে। প্ৰায় এটা দশক ধৰি কে কে-মোহনৰ যুটিয়ে অসমবাসীৰ মন জয় কৰি আহিছে।
মোহনক সিদ্ধাৰ্থ শর্মাই উপহাৰ হিচাপে দিয়ে এটা আঙঠি । এটা ব্যতিক্ৰমী উপহাৰে এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।