ইতিহাস সৃষ্টিৰে শ্রেষ্ঠ অসমৰ মায়ংক চক্ৰৱৰ্তী

dainik janambhumi May 26, 2025

ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ অসমৰ মায়ংক চক্রৱতীয়ে শ্বাৰজাহ মাষ্টাৰ্ছ ইণ্টাৰনেশ্যনেল ৰেটিং দবা চেম্পিয়নশ্বিপত (কেটেগৰী 'বি') খিতাপ জয়েৰে ইতিহাস ৰচনা কৰে। 

ইউ এ ইৰ শ্বাৰজাহত অনুষ্ঠিত প্রতিযোগিতাখনত দেওবাৰৰ ফাইনেল ৰাউণ্ডত ৰাছিয়ান গ্রেণ্ডমাষ্টাৰ বাৰ্নাদিন ভ্লাডিমিৰৰ বিৰুদ্ধে সহজ ড্ৰৰে চেম্পিয়নৰ সন্মান লাভ কৰে অসমৰ মায়ংকে। সমগ্র প্রতিযোগিতাখনত অবিজিত থকা মায়ংকে ৯ টা ৰাউণ্ডত ৭.৫ পইন্টেৰে শ্ৰেষ্ঠত্ব অর্জন কৰে। 

মায়ংকৰ এই জয়ে ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। দেশৰ বাহিৰত সন্মানীয় আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাখনত খিতাপ জয় কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈত পৰিণত হৈছে মায়ংক।

Share This