সমাজত নিপীড়িতৰ কণ্ঠ হ'ব লাগিব সংবাদ মাধ্যম: হৃষীকেশ গোস্বামী, সাংবাদিকে নিজৰ কাৰ্যৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্যাদা ৰক্ষা কৰিব লাগিব

dainik janambhumi January 05, 2026

ডিজিটেল ডেস্ক: 'সমাজৰ দিশ নিৰ্ণয় কৰা সাংবাদিকসকলৰ সন্মুখত প্রত্যাহ্বান বহুত আছে। চৰকাৰ, মালিকপক্ষ, আনকি নিজৰ বিবেকৰ পৰাও সাংবাদিকসকল প্রত্যাহ্বানৰ সম্মুখীন হয়। কিন্তু এই সকলো প্রত্যাহ্বান নেওচি সমাজত নিপীড়িতৰ কণ্ঠ হ'ব লাগিব সংবাদ মাধ্যম।'- এই মন্তব্য বিশিষ্ট নিবন্ধকাৰ, অসম শিশু-সাহিত্য ন্যাসৰ সচিব হৃষীকেশ গোস্বামীৰ। কালি অসম বাৰ্তাজীবী সংঘৰ সোণালী জয়ন্তীৰ সামৰণি সমাৰোহত 'সংবাদ মাধ্যমৰ প্ৰত্যাহ্বান আৰু ইয়াৰ সমাধান' বিষয় শীর্ষক আলোচনা-চক্র উদ্বোধন কৰি গোস্বামীয়ে এইদৰে কয়। 

অসমবাৰ্তাজীৱী সংঘৰ সভাপতি মধুসুধন মেধিৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা-চক্ৰখন উদ্বোধন কৰি গোস্বামীয়ে লগতে সাংবাদিকসকলে শব্দৰ শক্তি আয়ত্ত কৰি ইয়াৰ মৰ্যাদা ধৰি ৰাখিব বুলি উল্লেখ কৰি শক্তিৰ অপ-ব্যৱহাৰ কৰিব নালাগে বুলিও মন্তব্য কৰে। আলোচনা-চক্ৰখনত অংশগ্ৰহণ কৰা আন এগৰাকী আলোচক বিশিষ্ট সাংবাদিক তথা 'দৈনিক জনমভূমি' কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কয় যে সাংবাদিকতা হৈছে প্ৰত্যাহ্বানৰ মাজত থকা এটা বৃত্তি। বিশেষকৈ দৃঢ়তাৰে, আপোচহীনভাৱে সাংবাদিকতা কৰাসকলে প্ৰায়েই প্রত্যাহ্বানৰ সন্মুখীন হ'বলগা হয়। 
বিশিষ্ট সাংবাদিক হৰেন বৰুৱাৰ সময়ৰে পৰা বৰ্তমানলৈকে অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত বিভিন্ন দিশৰ ওপৰত অলোকপাত কৰি তেওঁ লগতে কয় যে নিজৰ কাৰ্যৰ দ্বাৰা সাংবাদিকসকলে অনানুষ্ঠানিকভাৱে লাভ কৰা গণতন্ত্ৰৰ চতুর্থ স্তম্ভৰ মৰ্যাদা ৰক্ষা কৰিব লাগিব। নিজৰ বৃত্তিৰ প্ৰতি এইক্ষেত্ৰত জড়িত থকাসকলৰ নিষ্ঠা থাকিব লাগিব। আনহাতে, অসমৰ সাংবাদিকতাত জাতীয়তাবাদৰ প্ৰতিফলন ঘটে বুলি উল্লেখ কৰি তেওঁ বাতৰি শুদ্ধ ৰূপত, নিৰপেক্ষভাৱে পৰিৱেশন কৰাটো সাংবাদিকসকলৰ প্ৰধান দায়িত্ব বুলিও তেওঁ কয়। 

আন এগৰাকী আলোচক 'আমাৰ অসম' কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই নিজৰ ভাষণত ভাল-বেয়াৰ মাজত ব্যৱধান বিচাৰি নোপোৱাটোৱে আমাৰ প্ৰধান সমস্যা বুলি উল্লেখ কৰি কয় যে অসমত সংবাদ মাধ্যমে প্রধান বিৰোধীৰ ভূমিকা পালন কৰি আহিছে। এজন ভাল মানুহ জনপ্রিয় নহ'বও পাৰে আৰু জনপ্রিয় হ'লেও এজন ব্যক্তি ভাল মানুহ নহ'বও পাৰে। এনেক্ষেত্ৰত জনপ্রিয় আৰু ভাল ইয়াৰে কোনটো বাছি ল'ম সেয়াও এক প্রত্যাহ্বান। নিজে নির্মল হৈ নাথাকিলে আনক শুধৰাব, পৰিষ্কাৰ কৰিব নোৱাৰি বুলি উল্লেখ কৰি তেওঁ সাংবাদিকসকলক জ্বলি জ্বলি নোহোৱা হৈ যোৱা ছাই বুলিও আখ্যা দিয়ে। ইফালে অসম বাৰ্তাজীৱী সংঘই কৰি অহা কামৰ শলাগ লৈ তেওঁ একতা বজাই ৰাখিব নোৱাৰিলে সমস্যা সমাধান কৰিব নোৱাৰি বুলি উল্লেখ কৰি সংবাদিকৰ সমস্যা সমাধানৰ বাবে সকলো সাংবাদিক সংগঠনক একত্রিত হ'বলৈ আহ্বান জনায়। 

আলোচনা-চক্ৰখনত দিয়া ভাষণত 'দৈনিক অসম'ৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে প্ৰত্যাহ্বান নেওচি সংবাদিকসকলে ৰাইজৰ স্বাৰ্থত কাম কৰি যাব লাগিব বুলি উল্লেখ কৰি শুদ্ধ তথ্য সম্বলিত বাতৰি পৰিৱেশন নকৰিলে সাংবাদিকে বিশ্বাসযোগ্যতা হেৰুৱাব বুলি মত প্রকাশ কৰে। বিশিষ্ট লেখক তথা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ পৰেশ বৈশ্য, জাতীয় শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠ, ভক্তি ৰয়, অসমীয়া প্ৰতিদিনৰ সহকাৰী সম্পাদক তথা ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ উপ-সভাপতি ফণীধৰ দাসেও আলোচনা-চক্রত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে মধুসূধন মেধিৰ সভাপতিত্বত অনুষ্ঠিত ন-পুৰণি সতীর্থ সন্মিলন উদ্বোধন কৰে অসম বাৰ্তাজীৱী সংঘৰ প্ৰাক্তন সাধাৰণ সম্পাদক ভক্তি ৰয়ে। সংঘৰ সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সন্মিলনত অসম বাৰ্তাজীৱী সংঘৰ উপ-সভাপতি অঞ্জন কুমাৰ শৰ্মা, সংঘৰ প্ৰাক্তন সম্পাদক যতীন ভাগৱতী, ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ সচিব বিশ্বজিৎ দাস প্রমুখ্যে বাৰ্তাজীৱী সংঘৰ কেইবাগৰাকী ন-পুৰণি সতীৰ্থই ভাষণ দিয়ে। 

উল্লেখযোগ্য যে কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দিছপুৰত থকা লোকনিৰ্মাণ বিভাগৰ সভাগৃহত অনুষ্ঠিত অসম বাৰ্তাজীৱী সংঘৰ সোণালী জয়ন্তীৰ সামৰণি সমাৰোহত পুৱা সংঘৰ সভাপতি মধুসূধন মেধিয়ে পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক মুকুটৰাজ শর্মাই শ্রদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আজি দিনৰ ১১ বজাত সমাৰোহৰ মুকলি সভা অসমীয়া প্রতিদিনৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীয়ে উদ্বোধন কৰে। সভাত দেশৰ বিশিষ্ট সাংবাদিক, ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ প্ৰধান সচিব পৰমানন্দ পাণ্ডেসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।

Share This