নৃত্যশিল্পী মেঘৰঞ্জনী মেধিলৈ ‘কলা সাধক’ বঁটা

Kakali Deka January 27, 2025

ডিজিটেল ডেস্ক : অসমৰ আগশাৰীৰ নৃত্যশিল্পী মেঘৰঞ্জনী মেধিলৈ আগবঢ়োৱা হয় ২০২৫ বৰ্ষৰ ‘কলা সাধক’ বঁটা।বেংগালুৰুৰ আৰ্ট অব্ লিভিং ইণ্টাৰনেশ্যনেল চেণ্টাৰত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান।এই অনুষ্ঠানত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে নৃত্যশিল্পীগৰাকীলৈ আগবঢ়াই এই বঁটা।

বেংগালুৰুত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ফেষ্টিভেল অব্ আৰ্ট এণ্ড কালচাৰ, দ্যা এক্সপ্ৰেছন ছামিটত আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবি শংকৰৰ উপস্থিতিত নৃত্যশিল্পী মেঘৰঞ্জনী মেধিলৈ প্ৰদান কৰা হয় এই বঁটা।আৰ্ট অব্ লিভিঙৰ 'অভিব্যক্তি' শীৰ্ষক অনুষ্ঠানত কথক নৃত্যৰ বাবে মেঘৰঞ্জনী মেধিলৈ আগবঢ়ায় হয় এই বঁটা।

উল্লেখযোগ্য যে মেঘৰঞ্জনী মেধিয়ে সৰুৰে পৰা কথক নৃত্য পৰিৱেশন কৰি দেশৰ লগতে বিদেশতো সুনাম অৰ্জন কৰি আহিছে। মেঘৰঞ্জনী মেধিৰ মাতৃ মৰমী মেধিৰ সৈতে একলগে পৰিৱেশন কৰা কথক নৃত্যই মোহিত কৰি আহিছে দৰ্শকক।

Share This