ভাৰতত সক্ৰিয় হৈ আছে জৈছৰ মহিলা শাখাৰ সদস্য, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ শেহতীয়া উদ্বেগজনক তথ্য

dainik janambhumi February 13, 2026

ডিজিটেল ডেস্ক : নতুন দিল্লীত যোৱা বর্ষৰ নৱেম্বৰত লালকিল্লাৰ সমীপত হোৱা কাৰ বোমা বিস্ফোৰণৰ ঘটনাৰ বাবে সন্ত্রাসবাদী সংগঠন জৈছ-এ-মহম্মদক জগৰীয়া কৰা হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন নতুন প্রতিবেদনত। আল-কায়দা আৰু আই ছিছৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ বাবে থকা নিৰাপত্তা পৰিষদৰ নিৰীক্ষণ দলটোৱে ইয়াৰ নতুন প্রতিবেদনত কয় যে নতুন দিল্লীৰ বিস্ফোৰণৰ ঘটনাটোত জৈছৰ সন্ত্রাসবাদী জড়িত। 

ইতিমধ্যে ভাৰতত কেইবাটাও আক্রমণৰ দায়িত্ব স্বীকাৰ কৰিছিল পাকিস্তানী সন্ত্রাসবাদী সংগঠনটোৱে। প্রতিবেদনখনত উল্লেখ কৰা মতে, ৰাষ্ট্ৰসংঘই ঘোষণা কৰা সন্ত্রাসবাদী মাছুদ আজহাৰে জৈছৰ মহিলা শাখা মুকলি কৰাৰ বিষয়ে যোৱা বর্ষব ৮ অক্টোবৰত ঘোষণা কৰিছিল। 

এই জৈছৰ মহিলা শাখাৰ বহুতো সদস্য ভাৰতত এতিয়াও সক্রিয় হৈ আছে আৰু ৰাজধানী মহানগৰ দিল্লীৰ লগতে দেশৰ আন স্থানতো আক্রমণৰ সুযোগ বিচাৰি আছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এই শেহতীয়া তথাই ভাৰতীয়ৰ সুৰক্ষাৰ প্রতি উদ্বেগৰ বিষয় হৈ পৰিছে।

Share This