ডিজিটেল ডেস্ক : বর্তমান বিশ্বৰ আটাইতকৈ মহান ফুটবলাৰ লায়নেল মেছিয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অসৱৰ লোৱাৰ কথা ঘোষণা কৰে। উল্লেখযোগ্য যে ফিফা বিশ্ব কাপৰ ফাইনেলত স্পেইনৰ হাতত পৰাজিত হোৱা আৰু পিতৃক হেৰুওৱাৰ পাছত মানসিকভাৱে ভাগি পৰা মেছিয়ে ইনষ্টাগ্রামত দিয়া এটা আৱেগিক প'ষ্টত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।
মেছিয়ে প'ষ্টটোত কয় যে বিশ্ব কাপৰ ফাইনেলত স্পেইনৰ হাতত পৰাজিত হোৱাৰ দুদিন পাছতে তেওঁ এই কঠিন সিদ্ধান্ত লৈছিল। কিন্তু শেহতীয়াকৈ পিতৃৰ বিয়োগৰ পাছত তেওঁৰ এই সিদ্ধান্ত অধিক দৃঢ় হৈ পৰে। মেছিয়ে কয়, 'এই সিদ্ধান্ত লোৱাটো অতি বেদনাদায়ক আছিল আৰু আজিও অন্তৰত দুখ দিছে কিন্তু এয়াই উপযুক্ত সময়। মই এই জাৰ্ছীৰ বাবে সকলো ত্যাগ কৰিছিলোঁ, লাগিলে সেই দিনবোৰেই হওক য'ত আমি সকলো জয় কৰিছিলোঁ, বা তাৰ আগৰ সময়ছোৱাই হওক।' তেওঁ লগতে কয়, 'মোৰ বয়স আৰু সময় উভয়ে টুটি আহিছিল। আর্জেন্টিনাক দিবলৈ এতিয়া মোৰ হাতত একো বাচি নাথাকিল। ইয়াৰ লগতে দেশত ভালেমান তৰুণ খেলুৱৈ উঠি আহিছে আৰু তেওঁলোক এই সুযোগৰ দাবীদাৰ। ২০ বছৰীয়া দীঘলীয়া সুন্দৰ যাত্ৰাত মই যিখিনি স্নেহ পালোঁ তাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰিছোঁ। এতিয়া খেলপথাৰৰ ভিতৰত নহয়, দর্শক ষ্টেণ্ডত বহি আপোনালোকৰ দৰে দলক উৎসাহিত কৰিম।' তেওঁ কয় যে অতি দুখ মনেৰে কিন্তু গৰ্বৰে তেওঁ অৱসৰ গ্ৰহণ কৰিবলৈ ওলাইছে, কিয়নো তেওঁ নিজৰ দেশক সেই সোণালী মুহূর্ত উপহাৰ দিছিল যিটোৰ সপোন দেখিছিল। ৩৯ বছৰীয়া মেছিয়ে তেওঁৰ পেছাদাৰী কেৰিয়াৰত মুঠ ৯২৭টা গ'ল দিয়ে। ইয়াৰ ভিতৰত আর্জেন্টিনা ৰাষ্ট্ৰীয় দলৰ হৈ প্রায় ১১২টা, এফ চি বার্চিলোনাৰ হৈ ৬৭২টা, পেৰিছ ছেইন্ট জার্মেৰ হৈ ৩২টা আৰু ইণ্টাৰ মিয়ামীৰ হৈ ১১১টাতকৈ অধিক গ'লো আছে। মেছিয়ে মুঠ ১,১৭১খন মেচত ৪২১বাৰ গ'ল দিয়াত সহযোগ কৰিছিল আৰু ৬২বাৰ হেটত্রিক কৰিছিল।
উল্লেখযোগ্য যে মেছিৰ নেতৃত্বত আর্জেন্টিনাই ২০২২ চনত কাটাৰত অনুষ্ঠিত ফিফা বিশ্ব কাপৰ চেম্পিয়নৰ খিতাপ জয় কৰিছিল। আনহাতে, এই বছৰ আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত বিশ্ব কাপত মেছিয়ে সন্মুখৰ পৰা দলক নেতৃত্ব দিছিল আৰু আর্জেন্টিনাক ফাইনেলত উপনীত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অৱশ্যে, ফাইনেলত আর্জেন্টিনা স্পেইনৰ হাতত পৰাজিত হয়।