ডিজিটেল ডেস্ক: এম জি এনৰেগাৰ নাম সলনি আৰু গ্ৰাম্য পৰিয়ালক সংস্থানৰ নিশ্চিতি ১০০ দিনৰ পৰা ১২৫ দিন কৰিবলৈ প্ৰস্তাৱিত এখন বিধেয়কত কেন্দ্রীয় কেবিনেটে অনুমোদন জনাইছে। এই নতুন বিধেয়ক অনুসৰি গ্রাম্য নিয়োগ নিশ্চিতিৰ এই আইনৰ নাম দিয়া হৈছে পূজ্য বাপু ৰুৰেল এমপ্লয়মেন্ট এক্ট (পূজ্য বাপু গ্রাম্য ৰোজগাৰ যোজনা)।
উল্লেখযোগ্য যে এম জি এনৰেগাৰ অধীনত গ্রাম্য পৰিয়ালক ১০০ দিনৰ কামৰ নিশ্চয়তা দিয়া হৈছে যদিও যোৱা ৫ বছৰত প্ৰতিটো পৰিয়ালে গড়ে ৫০ দিনকৈহে কাম লাভ কৰিছে। ২০২৪-২৫ বর্ষত এম জি এনৰেগাৰ অধীনত প্ৰতিটো পৰিয়ালে গড়ে ৫০.২৪ দিনৰ কৰ্মসংস্থান পাইছে। ইয়াৰ আগৰ বছৰবোৰৰ সংখ্যাও একে। ২০২৩-২৪ বৰ্ষত প্ৰতিটো পৰিয়ালে গড়ে ৫২.০৭ দিন, ২০২২-২৩ বর্ষত ৪৭.৮৪ দিন, ২০২১-২২ বর্ষত ৫০.০৭ দিন আৰু ২০২০-২১ বৰ্ষত গড়ে ৫১.৫৪ দিন কাম লাভ কৰে।
সামগ্রিকভাৱে যোৱা পাঁচ বছৰত প্ৰতিটো পৰিয়ালে বছৰত গড়ে ৫০.৩৫ দিনৰ কাম লাভ কৰিছে। যোৱা বছৰ ১০০ দিন কাম পোৱা পৰিয়ালৰ সংখ্যা আছিল ৪০.৭৪ লাখ। কিন্তু বর্তমান বিত্তীয় বর্ষত ৬.৭৪ লাখ পৰিয়ালেহে ১০০ দিনৰ কাম পাইছে।