হাৱাইপুৰত চাঞ্চল্য!  শিৱ মন্দিৰ আৰু কালী মন্দিৰত অগ্নিসংযোগ দুৰ্বৃত্তৰ

Nikimoni Kachari June 02, 2026

ডিজিটেল ডেস্ক: পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত এক অনাকাংক্ষিত আৰু স্পৰ্শকাতৰ ঘটনা সংঘটিত হৈছে। স্থানীয় এক শিৱ মন্দিৰ আৰু কালী মন্দিৰত এজন লোকে অনধিকাৰ প্ৰৱেশ কৰি তাত থকা শিৱ লিংগ আৰু কালী মূৰ্তিত অগ্নিসংযোগ কৰে।

এই অগ্নিকাণ্ডৰ ফলত মন্দিৰৰ ভিতৰত থকা উপাচাৰ, কাপোৰ-কানি আৰু অন্যান্য সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ধৰ্মীয় স্থানভাগত হোৱা এই ক্ষয়-ক্ষতিৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনা আৰু চাঞ্চল্যৰ সৃষ্টি হয়।

প্ৰথম অৱস্থাত অচিনাক্ত বুলি সন্দেহ কৰা অভিযুক্ত লোকজনক পৰৱৰ্তী সময়ত চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, লোকজনৰ নাম আমজাদ আলী আৰু তেওঁৰ ঘৰ বাসুগাঁৱত।

ঘটনাৰ পিছতে সজাগ স্থানীয় ৰাইজে আমজাদ আলীক কৰায়ত্ত কৰে আৰু ততাতৈয়াকৈ মাইলু আৰক্ষীক গতাই দিয়ে। বৰ্তমান ঘটনাৰ প্ৰকৃত কাৰণ আৰু উদ্দেশ্য সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ আৰক্ষীয়ে আমজাদ আলীক থানাত ৰাখি সোধ-পোছ অব্যাহত ৰাখিছে।

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This