চন্দ্ৰৰ কক্ষপথত ব্যৱহাৰ হ'ব ম'বাইল ফ'ন, জোনবাইৰ দেশত ঘৰ সজাৰ সপোন শীঘ্ৰেই হ'ব পূৰণ !

dainik janambhumi March 10, 2026

ডিজিটেল ডেস্ক : আমাৰ অতিকে আপোন জোনবাইৰ দেশত ঘৰখন সজাৰ লগতে ম'বাইল ফ'নৰ সংযোগৰ সপোন হয়তো শীঘ্রেই পূৰণ হ'ব। মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাই চলিত বৰ্ষৰ এপ্ৰিলত চন্দ্ৰলৈ প্ৰেৰণ কৰিব লগা 'আৰটেমিছ-২' অভিযানত মহাকাশচাৰীয়ে হাতত ম'বাইল ফ'ন লৈ মহাকাশলৈ যাব। অৰ্থাৎ চন্দ্ৰৰ কক্ষপথত প্ৰথমবাৰৰ বাবে ম'বাইল ফ'ন ব্যৱহাৰ হ'ব।

বৰ্তমানৰ পৃথিৱীত প্ৰায় সকলোৰে হাতে হাতে থকা যোগাযোগৰ অপৰিহাৰ্য মাধ্যমটো এতিয়া মহাকাশতো ব্যৱহাৰ কৰিব পাৰিব। উল্লেখযোগ্য যে ১৯৭২ চনৰ পাছত প্ৰথমবাৰৰ বাবে চন্দ্ৰ অভিযানত মহাকাশচাৰীয়ে অংশ ল'ব। 

ইফালে, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰকে ধৰি অন্যান্য মহাকাশ অভিযানত ম'বাইল ফ'নজাতীয় সামগ্ৰীৰ ব্যৱহাৰ বা কঢ়িয়াই নিয়াটো ইয়াৰ পূৰ্বে সম্পূর্ণৰূপে নিষিদ্ধ আছিল। কিন্তু অহা এপ্ৰিলৰ চন্দ্ৰ অভিযানত মহাকাশচাৰীয়ে মহাকাশত আইফ'ন বা আন ম'বাইল ফ'ন ব্যৱহাৰ কৰিব পাৰিব। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ এই দ্রুত উন্নয়নৰ যুগত হয়তো শীঘ্রেই জোনবাইতো মানৱ বসতি সম্ভৱ হৈ উঠিব।

Share This