দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীক লৈ প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠান, 'পৰীক্ষা পে চর্চা'তো অসমীয়া গামোচাক তুলি ধৰিলে মোদীয়ে

dainik janambhumi February 07, 2026

ডিজিটেল ডেস্ক: দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসমীয়া গামোচাৰ প্ৰতি থকা মৰম আৰু গামোচাৰ বয়নশিল্পৰ প্ৰতি থকা তেওঁৰ গভীৰ অনুৰাগ কালি নৱমসংখ্যক 'পৰীক্ষা পে চর্চা'ত পুনৰবাৰ প্ৰতিফলিত হ'ল। 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অসমীয়া গামোচাক তেওঁৰ আটাইতকৈ প্রিয় বস্ত্ৰ বুলি উল্লেখ কৰি এই অনুষ্ঠানটোত অংশ লোৱা ভাৰতৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক গামোচাৰেই আদৰণি জনায়। তেওঁ ছাত্র-ছাত্রীসকলৰ লগতে অনুষ্ঠানটো উপভোগ কৰি থকা কোটি কোটি দর্শকক অসম আৰু উত্তৰ-পূবৰ মহিলাৰ কৰ্মোদ্যমৰ প্ৰশংসা কৰি কয় যে এই গামোচাখন অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাৰ সবলীকৰণৰ প্ৰতীক, নাৰী উদ্যমিতাৰ প্রতীক।

কালিৰ অনুষ্ঠানটোৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ অসমীয়া গামোচাক দেশ আৰু বিশ্বৰ নতুন প্ৰজন্মৰ মাজলৈকো লৈ গ'ল। ইফালে,
অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এয়া অসমৰ স্বাভিমান অসমীয়াৰ আদৰৰ গামোচাখনৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ অতুলনীয় সন্মান আখ্যা দিছে। 

সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীগৰাকীৰ এনে মৰম আৰু সন্মানে জি আই টেগপ্রাপ্ত হাতেবোৱা বস্ত্ৰখনৰ মৰ্যাদা অধিক প্ৰসাৰ কৰাই নহয়, ভৱিষ্যৎ প্রজন্মকো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গামোচাখনৰ বিষয়ে অধিক জানিবলৈ উৎসুকতা বৃদ্ধি কৰিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ গামোচাখনৰ প্ৰতি যি শ্রদ্ধা সেয়া আমি সময়ে সময়ে প্রমাণ পাই আহিছোঁ। এই প্রসংগত বিৰোধীক তীব্র কটাক্ষ কৰি মুখ্যমন্ত্রীয়ে কয়-প্রধানমন্ত্রীয়ে ডিঙিত অতি সন্মানেৰে গামোচা লোৱাৰ বাবে বিৰোধীয়ে ঠাট্টাও কৰিছে, যিটো বিৰোধীৰ স্বভাৱ। 

প্রধানমন্ত্রী মোদীয়ে 'এ ফৰ আছাম'ক বাস্তৱ ৰূপ দিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্রাধানমন্ত্ৰীগৰাকীয়ে বছৰ বছৰ ধৰি ৰাজ্যখনৰ লগত যি সম্পর্ক গঢ়ি তুলিছে, তাৰ প্রতিফলন তেওঁৰ প্রতিটো কার্যত স্পষ্ট। সেয়া উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বৃহৎ পৰিসৰত উন্নয়নমূলক প্রকল্প ৰূপায়ণ কৰাৰ পৰা আৰম্ভ কৰি সকলো গুৰুত্বপূৰ্ণ উপলক্ষত গৌৰৱেৰে গামোচাখন পৰিধান কৰালৈকে।

Share This