ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয়, 'মধ্য প্রাচ্যত হোৱা যুদ্ধৰ বাবে একৈশ শতিকাৰ বৃহত্তম শক্তি সংকটৰ সৃষ্টি হৈছিল। এই সময়ত ভাৰতৰ দৃঢ় শক্তিৰ বাবে সকলোতকৈ ডাঙৰ সংকটটো সৰু হৈ গ'ল।' তেওঁ আৰু কয়, 'যুদ্ধৰ বাবে যি পৰিস্থিতিৰ সৃষ্টি হৈছিল, তাৰ বাবে ঘৰুৱা গেছৰ দাম ২ হাজাৰ টকা পর্যন্ত হ'লহেঁতেন। চৰকাৰে ইয়াৰ সুন্দৰ ব্যৱস্থাপনা কৰিলে। ফলত, চিলিণ্ডাৰৰ প্ৰায় ৯৫০ টকাতে পোৱা হ'ল।'
মোদীয়ে আৰু কয়, 'যেতিয়া সংকট আৰম্ভ হ'ল ভাৰতে ২৫-২৬খন দেশৰ পৰা শক্তি আমদানি কৰিছিল। সংকটৰ মাজত আমি এই সংখ্যা ৪০খন দেশলৈ বৃদ্ধি কৰিলোঁ।' মোদীয়ে কয় যে বিশ্বজুৰি বৰ্ধিত দামৰ বাবে এপ্ৰিলৰ পৰা জুনৰ ভিতৰত তেল কোম্পানীসমূহৰ ৭৫,০০০ কোটি টকাৰ লোকচান হ'ল, কিন্তু চৰকাৰে উক্ত বোজা গ্রহণ কৰিলে। তেওঁ কয়, 'আমি প্রতি লিটাৰত ১০ টকাকৈ বহিঃশুল্ক হ্রাস কৰিলোঁ আৰু নাগৰিকৰ ওপৰত বোজা যথেষ্ট পৰিমাণে নবঢ়াটো নিশ্চিত কৰিলোঁ।'
শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজস্থান ভ্ৰমণৰ সময়ত এই কথা কয়। ৰাজস্থানৰ পচ পদৰাত মোদীয়ে দেশৰ সকলোতকৈ আধুনিক তথা দেশৰ ভিতৰত প্ৰথমটো গ্রীনফিল্ড ইণ্টিগ্রেটেড ৰিফাইনেৰী কাম পেট্র'কেমিকেল কমপ্লেক্সৰ শুভাৰম্ভণি কৰে। হিন্দুস্তান পেট্রলিয়াম কৰ্প'ৰেশ্যন লিমিটেড (এইচ পি চি এল) আৰু ৰাজস্থান চৰকাৰৰ যুটীয়া উদ্যোগৰ এই গ্রীনফিল্ড ইণ্টিগ্রেটেড ৰিফাইনেৰী কাম পেট্র'কেমিকেল কমপ্লেক্সটো ৭৯,৪৫০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ উৎপাদন ক্ষমতা হৈছে বছৰি ৯ মিলিয়ন মেট্রিক টন (এম এম টি পি এ)।