ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক কালি ছুইডেনৰ সৰ্বোচ্চ সন্মান 'ৰয়েল অৰ্ডাৰ অব্ প'লাৰ ষ্টাৰ কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ'ৰে বিভূষিত কৰা হয়। কোনো এখন দেশৰ ৰাষ্ট্ৰপ্ৰধান বা চৰকাৰৰ মুৰব্বীলৈ আগবঢ়োৱা এয়া হ'ল ছুইডেনৰ সৰ্বোচ্চ সন্মান। দেশখনৰ গোথেনবার্গ চহৰত অনুষ্ঠিত এটা অনুষ্ঠানত ছুইডেনৰ ৰাজকুমাৰী ভিক্টোৰিয়াই প্রধানমন্ত্রী মোদীক এই সন্মান প্রদান কৰে। অনুষ্ঠানটোত ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্রিষ্টৰ্ছন আৰু আন উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। প্রধানমন্ত্রী মোদীয়ে ভাৰত আৰু ছুইডেনৰ মাজত সম্পর্ক শক্তিশালী কৰা, বিশ্ব পৰ্যায়ত সহযোগ বৃদ্ধি কৰা আৰু বিভিন্ন খণ্ডত সহযোগিতা শক্তিশালীভাৱে আগুৱাই নিয়াৰ বাবে প্রধানমন্ত্রীলৈ এই সন্মান আগবঢ়োৱা হয়।
প্রধানমন্ত্রী মোদীয়ে ইয়াকে ধৰি এতিয়ালৈকে ৩১টা আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। উল্লেখযোগ্য যে প্রধানমন্ত্রী নেদাৰলেণ্ডৰ পৰা আহি ছুইডেনৰ গোথেনবাৰ্গ বিমান বন্দৰত উপস্থিত হয়। তেওঁ বিমান বন্দৰৰ পৰা হোটেলত উপস্থিত হোৱাৰ সময়ত ভাৰতীয় মূলৰ লোকসকলক লগ ধৰে আৰু তেওঁক উৎসাহেৰে আদৰণি জনায়। প্রধানমন্ত্রীক আদৰণি জনোৱাৰ বাবে কেইবাটাও অনুষ্ঠান পৰিৱেশন কৰা হয়। ছুইডিছ অ'পেৰা ছিংগাৰ শ্বার্লোটা হুল্ডে 'বৈষ্ণৱ জন তো' ভজন পৰিৱেশন কৰে। ভাৰতনাট্যম নৃত্যও প্ৰদৰ্শন কৰা হয়। বাঙালী সংস্কৃতিৰ পৰম্পৰাৰেও মোদীক আদৰণি জনায়। বাঙালী শৈলীত আৰতি কৰাৰ লগতে শাস্ত্রীয় নৃত্যও প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানটোত ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ল্ফ ক্রিষ্টছনো উপস্থিত আছিল।
প্রধানমন্ত্রীয়ে পাছত সামাজিক মাধ্যমত কয়, 'বাঙালী সংস্কৃতিৰ সমগ্র বিশ্বতে সুনাম আছে আৰু ছুইডেন ইয়াৰ পৰা পৃথক নহয়। প্রধানমন্ত্রী আজি ছুইডেনত উপস্থিত হোৱাৰ সময়ত তেওঁক বিপুলভাৱে আদৰণি জনোৱা হয়। নেদাৰলেণ্ডৰ ভ্ৰমণ সামৰি আজি প্রধানমন্ত্রী ছুইডেনত উপস্থিত হয়। প্রধানমন্ত্রীয়ে ৮ বছৰৰ পাছত দেশখনত ভ্রমণ কৰে। মোদী নেদাৰলেণ্ডৰ পৰা ছুইডেনৰ গোথেনবাৰ্গ বিমান বন্দৰত বিমানৰ পৰা নমাৰ সময়ত দেশখনৰ প্রধানমন্ত্রী উল্ল্ফ ক্রিষ্টছনে তাত উপস্থিত হৈ প্রধানমন্ত্রীক আন্তৰিকতাৰে আদৰণি জনায়।
ইয়াৰ আগতে প্ৰধানমন্ত্ৰীৰ বিমান ছুইডেনৰ আকাশত প্ৰৱেশ কৰাৰ লগে লগে দেশখনৰ গ্রিপেন যুঁজাৰু বিমানে প্রধানমন্ত্রীক এছক'র্ট দি আগুৱাই নিয়ে। প্রধানমন্ত্রী ছয় দিনীয়া বিদেশ ভ্রমণত প্রধানমন্ত্রী আৰু ক্রিষ্টৰ্ছনৰ মাজত হ'বলগীয়া দ্বিপাক্ষিক আলোচনাত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। ছুইডেনৰ ভ্রমণ সামৰি কাইলৈ প্ৰধানমন্ত্ৰী নৰৱে আৰু ইটালিলৈ যাব।